Local, Vocal, Global

Explosion in cracker factory: আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ,মৃত্যু ৬জন লোকৰ

নেশ্যনেল ডেস্ক,২৭আগষ্ট : পশ্চিমবংগত শোকাৱহ ঘটনা ৷ পশ্চিমবংগৰ আতচবাজী কাৰখানাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । এই বিস্ফোৰণৰ ফলত মৃত্যু হয় ৬জন লোকৰ(Explosion in cracker factory) ।

উল্লেখ্য় যে, দেওবাৰে পশ্চিমবংগত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা । পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাৰ দত্তপুকুৰ নীলগঞ্জ পঞ্চায়তৰ মচকোল অঞ্চলত অবৈধভাৱে স্থাপন কৰা এটা আতচবাজী কাৰখানাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা ৷ এই বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে আতচবাজী কাৰখানাটোৰ বিস্ফোৰণৰ ফলত কাৰখানাটোৰ ভিতৰত থকা লোকৰ মৃতদেহৰ কিছু অংশ এটা ঘৰৰ চাঁদত ছিটিকি পৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়(Several feared dead in explosion at illegal firecracker factory in West Bengal’s North 24 Parganas) ।

জানিব পৰা মতে, এই বিস্ফোৰণৰ ফলত কমেও ৬জন লোকৰ মৃত্যু হয়। ইয়াৰে কেইবাগৰাকীও মহিলা আছিল বুলি জানিব পৰা গৈছে । অৱশ্যে প্ৰশাসনে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৷
এই ভয়ংকৰ ঘটনাৰ ফলত ওচৰৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হয়(6 Killed In Blast At Illegal Cracker Factory In Bengal’s Duttapukur) ।

এই ভয়ংকৰ ঘটনা সন্দৰ্ভত আৰক্ষী অথবা প্ৰশাসনে কোনো মন্তব্য প্ৰকাশ কৰা নাই । বৰ্তমান উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, স্থানীয় লোকে বাৰে বাৰে আৰক্ষীক আতচবাজী কাৰখানাতটোৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ।

স্থানীয় ৰাইজে লগতে জনায় যে, মুৰ্ছিদাবাদৰ অধিকাংশ লোকে এই কাৰখানাত শ্ৰমিক হিচাপে কৰ্মৰত । তৃণমূল আৰু আৰক্ষী প্ৰশাসনৰ যুতীয়া সহযোগত এই কাৰখানাটো স্থাপন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে(Six killed in explosion at illegal cracker manufacturing unit in West Bengal)।

লগতে পঢ়ক : Massive landslide hits Kullu : হিমাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা,ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বহু লোকক