Local, Vocal, Global

Six Killed in 7.5 Magnitude Earthquake : জাপানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; নিহত ৬জন

ইণ্টাৰনেচনেল ডেস্ক, ২ জানুৱাৰী : জাপানত হোৱা প্ৰৱল ভূমিকম্পৰ ফলত নিহত ৬জন । নবৱৰ্ষৰ প্ৰথম দিনটোতে প্ৰৱল ভূইকপে জোকাৰি যায় জাপান(Six Killed in 7.5 Magnitude Earthquake) ।

এনএইচকে ৱৰ্ল্ড নামৰ চৰকাৰী সম্প্ৰচাৰ চেনেলত প্ৰকাশ কৰা অনুসৰি সোমবাৰে উত্তৰ মধ্য জাপানক ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । ফলত ছয়জন লোক নিহত হয় ।

আনহাতে, আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, স্থানীয় সময় অনুসৰি আবেলি প্ৰায় ৪.১০ বজাত ইশিকাৱা প্ৰান্তৰ নোটো উপদ্বীপত ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰত এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ।

ইফালে জাপানত হোৱা ভূমিকম্পৰ কম্পনৰ পিছতে অট্টালিকাবোৰ ভাঙি পৰে, অগ্নিকাণ্ড সংঘটিত হয় আৰু ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হয় । লগতে জাপানৰ উপকূলীয় অঞ্চলৰ লোকসকলক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়(Six killed in 7.5 magnitude earthquake in Japan) ।

জানিব পৰা মতে, ভূমিকম্পৰ পিছতে সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় জাপানৰ ৱাজিমা চহৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত ১০০ খনতকৈও অধিক দোকান আৰু ঘৰ ধ্বংস হয় বুলি এনএইচকে ৱৰ্ল্ডে জানিবলৈ দিয়ে । নিউক্লিয়াৰ ৰেগুলেচন অথৰিটীৰ মতে, ইশিকাৱা প্ৰিফেকচাৰৰ শ্বিকা পাৰমাণৱিক শক্তি কেন্দ্ৰত এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । কেন্দ্ৰটোৰ অপাৰেটৰে জনোৱা মতে, ইয়াৰ ফলত ট্ৰেন্সফৰ্মাৰ এটা বিকল হয় । কিন্তু বেকআপ ব্যৱস্থাৰ বাবে দুয়োটা পাৰমাণৱিক চুল্লিয়ে নিৰ্দিষ্ট কাৰ্যসূচী অনুসৰি সক্ৰিয় হৈ আছে(Multiple deaths in Japan after New Year’s Day earthquake) ।

আনহাতে, জাপানৰ মুখ্য মোবাইল ফোন সেৱা প্ৰদানকাৰীসকলে দাবী কৰিছে যে ভূমিকম্প প্ৰভাৱিত প্ৰিফেকচাৰত তেওঁলোকৰ সেৱা ব্যাহত হৈ আছে ।

উল্লেখ্য যে, সোমবাৰে জাপানত সংঘটিত ভূমিকম্পৰ পিছত শ্বিনকানচেন বুলেট ৰে’লৰ কিছু সেৱা স্থগিত ৰখা বুলি ৰে’ল অপাৰেটৰৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰিছে । লগতে আন লাইনৰ সেৱাসমূহতো বিলম্ব হয় । জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়েও এই গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ মাজতে নিৰ্দেশনা জাৰি কৰে । জাননীত বিষয়াসকলক ছুনামি আৰু স্থানান্তৰ সম্পৰ্কে জনসাধাৰণক সময়মতে আৰু সঠিক তথ্য প্ৰদান কৰিবলৈ আৰু ক্ষতি প্ৰতিৰোধ কৰিবলৈ পুংখানুপুংখ ব্যৱস্থা ল’বলৈ কয় । ইয়াৰ ভিতৰত প্ৰধান হৈছে আৱাসীসকলক স্থানান্তৰ কৰা । লগতে যিমান সম্ভৱ সোনকালে ক্ষয়-ক্ষতি সম্পৰ্কীয় স্থিতি মূল্যাঙ্কন কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ।

জাপানত থকা ভাৰতীয় দূতাবাসে ভূমিকম্প আৰু ছুনামিৰ সতৰ্কবাণী সন্দৰ্ভত যিকোনো লোকৰ সৈতে যোগাযোগ কৰাৰ বাবে এটা জৰুৰীকালীন কোঠা স্থাপন কৰিছে । জাপানত শক্তিশালী ভূমিকম্প আৰু ছুনামিৰ সতৰ্কবাণীৰ পিছত দূতাবাসে ভাৰতীয় নাগৰিকৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ জাৰি কৰিছে ।

লগতে পঢ়ক : 7.6 Magnitude Earthquake Hits Japan : জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; চুনামীৰ সতৰ্কবাণী জাৰি