Local, Vocal, Global

Road Accident : শোকাৱহ দুৰ্ঘটনা; নিহত ৬জন, আহত দুজন শিশু

নিউজ ডেস্ক, ৫ফেব্ৰুৱাৰী : এক ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাহন পৰিল দ’ খাৱৈত ফলত মৃত্যু ৬জনকৈ লোক লগতে আহত হয় দুজন শিশু(Road Accident) ।

কানপুৰ দেহাট জিলাৰ সিকন্দৰাস্থিত আৰক্ষী থানাৰ সন্দলপুৰৰ সমীপৰ জগন্নাথপুৰ গাঁৱৰ ওচৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কানপুৰ দেহাট জিলাৰ ডেৰাপুৰ আৰক্ষী থানা অঞ্চলৰ মুৰা গাঁৱৰ বাসিন্দা পংকজে তেওঁৰ কন্যাৰ তিলকৰ বাবে ইটাৱালৈ গৈছিল । ইটাৱাৰ অনুষ্ঠানটোৰ পৰা উভতি অহাৰ সময়তে তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে(six including four minors, killed in accident after car falls into ditch) ৷

তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰিত হেৰুৱাই দ খাৱৈত বাগৰি পৰা ঘটনা সন্দৰ্ভত স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ।আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এক্সকেভেটৰৰে সহায়েৰে খাৱৈত সোমাই যোৱা বাহনখনৰ উদ্ধাৰ অভিযান চলাই ।

আৰক্ষীৰ উদ্ধাৰ অভিযানত বাহনখন উদ্ধাৰ কৰাৰ লগতে আহত দুই শিশুক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ কানপুৰ দেহাটৰ পৰা কানপুৰ নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইফালে নিহত লোককেইজনৰ মৃতদেহকেইটা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বৰ্তমানলৈ মৃতদেহকেইটা বহুকেইজন আৰক্ষীয়ে চিনাক্ত কৰিবলৈ পৰা নাই।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত স্থানীয় লোকক সোধা পোছা কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : At least 10 killed in attack on police station : পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ; নিহত ১০জন আৰক্ষী জোৱান