Six Bangladeshi nationals detained :অসম আৰক্ষীৰ হাতত আটক ৬ বাংলাদেশী অনুপ্ৰৱেশকাৰী
নিউজ ডেস্ক,৭ডিডেম্বৰ : অব্যাহত আছে বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা।ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বহু বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্রেপ্তাৰ কৰিছে লগতে ৰাজ্য চৰকাৰে অসমত বহু অবৈধ বিদেশীক চিনাক্তকৰণৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ।
তেনে সময়তে অসম আৰক্ষীয়ে পুনৰ বাংলাদেশী নাগৰিকক আটক(Six Bangladeshi nationals detained)।
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দুগৰাকী মহিলাসহ ছয় বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসম আৰক্ষীয়ে আটক কৰি চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমৰ এক পোষ্টত কয়- “অসম আৰক্ষীৰ এক সতৰ্কতামূলক পদক্ষেপত ৬ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আৰক্ষী জোৱানে আটক কৰি ঘূৰাই পঠোৱা হৈছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ৬ জন বাংলাদেশী নাগৰিকৰ সন্দেহজনক গতিবিধি অনুসৰণ কৰি তেওঁলোকক আটক কৰে ।”
তেওঁ লগতে কয় যে আটক কৰা অনুপ্ৰৱেশকাৰীসকলক দিদাৰুল ইছলাম, শান্তু খান, ইছমিল হুছেইন ৰাহাত, চাকিব হুছেইন, শ্বাতি আখতাৰ আৰু মিম শ্বেখ বুলি চিনাক্ত কৰা হৈছে । “আটকাধীন আটাইকেইজনকে সীমান্তৰ সিপাৰলৈ ঘূৰাই পঠোৱা হৈছে ।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় ।মুখ্যমন্ত্ৰীয়ে অৱশ্যে অনুপ্ৰৱেশকাৰীকেইজনক ভাৰত-বাংলাদেশ সীমান্তৰ কোন অঞ্চলত অনুপ্ৰৱেশত দিয়া হৈছিল সেয়া উল্লেখ কৰা নাই।
লগতে পঢ়ক :Man sexually Assaults Minor:ৰঙিয়াত ৩৫বছৰীয়া লম্পটৰ কামনাৰ বলি কনমাণি