Six Arrested In Arms Looting Case, Weapons Recovered : আই আৰ বি ৰ পৰা অস্ত্ৰ লুণ্ঠনৰ গোচৰত গ্ৰেপ্তাৰ ৬ জন, উদ্ধাৰ অস্ত্ৰসহ গোলাবাৰুদ

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : অশান্ত মণিপুৰত অস্ত্ৰ শস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ(Arms seized in Manipur) । অব্য়াহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযান আৰক্ষীয়ে মণিপুৰৰ ইম্ফল পূৱ জিলাৰ চিংগাৰেলস্থিত ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (আই আৰ বি) শিবিৰৰ পৰা অস্ত্ৰ লুণ্ঠনৰ সৈতে জড়িত ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে(Six Arrested In Arms Looting Case, Weapons Recovered)।
জানিব পৰা মতে, আৰক্ষীয়ে আটক কৰা লোককেইজনৰ পৰা আই আৰ বিৰ শিবিৰৰ পৰা লুট কৰা চাৰিটা ইনছাছ ৰাইফল, এটা এ কে ঘটক, এছ এল আৰৰ দুটা মেগজিন, আৰু ১৬টা সৰু বাকচ ৯ এম এম গোলাবাৰুদ উদ্ধাৰ কৰে(Six arrested for looting arms from India Reserve Battalion (IRB) camp in Manipur) ।
এক্সৰ এক পোষ্টৰ জড়িয়তে আৰক্ষীয়ে কয় যে , আটক কৰা লোককেইজনক ন্যায়িক দণ্ডাধীশে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও ০৪ (চাৰি) ইনছাছ ৰাইফল, ০১ (এক) এ কে ঘটক ২, এছ এল আৰৰ মেগজিন আৰু ৫ নং আই আৰ বিৰ পৰা লুট কৰা বুলি সন্দেহ কৰা ৯ মিমি গোলাবাৰুদৰ ১৬ টা সৰু বাকচো মণিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে।”
অৱশ্যে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা স্থান বা সন্দেহজনক লোককেইজনৰ পৰিচয় বৰ্তমানো আৰক্ষীয়ে প্ৰকাশ কৰা নাই(Manipur Police Recovers Arms And Ammo Looted From IRB, 6 Arrested)।
লগতে পঢ়ক : Third student goes missing in Guwahati’s Noonmati area : পুনৰ পোহৰলৈ আহিছে আন এগৰাকী ছাত্ৰীৰ সন্ধানহীনৰ ঘটনা