Sivsagar Protest :শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ,২৬,ডিচেম্বৰ : শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।
শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।
শিৱসাগৰ জিলা সদৰৰ পৰা এটা চৰকাৰী কাৰ্যালয় স্থানান্তৰক লৈ সৰৱ হৈ পৰিছে শিৱসাগৰ ক্ৰীড়া সন্থা ।
শিৱসাগৰ জিলা সদৰৰ পৰা শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো ডিমৌৰ ৰাইচাই ষ্টেডিয়ামলৈ স্থানান্তৰিত কৰাৰ আদেশ জাৰি কৰিছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ তিমুঙে(Sivsagar Protest)।
এই আদেশক শিৱসাগৰ নগৰৰ বিভিন্ন ক্ৰীড়া-সামাজিক অনুষ্ঠানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই আদেশ বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।
আজি শিৱসাগৰ ক্ৰীড়া সন্থাৰ উদ্যোগত শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে পঢ়ক :Woman attacked by miscreants in Guwahati city: লাষ্টগে’টত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক চিনাক্ত