Local, Vocal, Global

WATCH | Sivsagar News:হাতত ঝাড়ুলৈ শিৱসাগৰ এজন আৰক্ষী বিষয়া

শিৱসাগৰ,১মাৰ্চ : বিভিন্ন সময়ত আৰক্ষীক সমালোচনাৰ কৰা হয় এইবাৰ সমালোচনা নহয় শিৱসাগৰৰ এজন আৰক্ষী বিষয়াৰ সামাজিক দায়বদ্ধতাৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

শিৱসাগৰত দেখা গ’ল এটা ধুনীয়া দৃশ্য । নিশা এজন আৰক্ষী বিষয়াই নিজে ঝাড়ুলৈ জাৱৰ চাফা কৰাৰ দৃশ্য(Sivsagar News)।

শিৱসাগৰত অনুষ্ঠিত হৈ থকা মহা শিৱৰাত্ৰি পূজা আৰু মেলা অন্ত পৰিল যাৰ বাবে বহু লক্ষাধিক ভক্তৰ আগমনে এক জন সমুদ্ৰলৈ পৰিণত কৰিছিল শিৱসাগৰ নগৰ।

নগৰৰ মাজমজিয়াত জাৱৰে আৱৰ্জনা সৃষ্টি কৰিছিল আৰু শিৱসাগৰ সদৰ থানাৰ উপ নগৰ পৰিদৰ্শক দিপাংকৰ চুতীয়াই ঝাড়ু হাতত তুলি লৈ নিজে নিশা জাৱৰ চাফা কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰে।

“জনহিত জন সেৱাৰ্থে” শ্লোগানৰ অৰ্থ যে কৰবাত এই সকল আৰক্ষীয়ে বুজি উঠিছে।