WATCH | Sivsagar News : শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড
শিৱসাগৰ,২৪জুন : শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড।
চোৰে লুটি নিলে লক্ষাধিক টকাৰ লগতে সোণ ৰূপৰ আ-অলংকাৰ।
অসমীয়া মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পাপৰি যতিন ফুকনৰ শিৱসাগৰ নগৰৰ সমীপৰ সিংহদুৱাৰস্থিত বাসগৃহত সংঘটিত হ’ল এই চুৰিকাণ্ড( Sivsagar News)।
পাপৰি যতিন ফুকন আৰু তেওঁৰ স্বামী যতিন ফুকন সোমবাৰে সন্ধিয়া ঘৰত তলা লগাই গৈছিল গুৱাহাটীত অধ্যয়নৰত জীয়াৰী ওচৰত।
কিন্তু জখলাবন্ধা গৈ পাওতে ম’বাইলত CCTV ভিজুৱেল পৰীক্ষা কৰোতেই ফুকন দম্পতীয়ে গম পালে ঘৰত সংঘটিত চুৰিকাণ্ডৰ বিষয়ে।
নিশা ১২ বাজি ৩৬ৰ পৰা ১ বাজি ৩০ মিনিটৰ ভিতৰত দুজনীয়া চোৰৰ দলে ঘৰত প্ৰবেশ কৰি চলাইছিল লুটপাত।
পাপৰি যতিন ফুকনৰ স্বামী পেছাত এটা ব্যক্তিগত তৈল্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অভিযন্তা।
লগতে পঢ়ক : WATCH | Dergaon News : বলেৰ পিকাআপ ভেনক পাছফালৰ পৰা খুন্দা ট্ৰাকৰ