WATCH | Sivsagar News : ভয়ংকৰ কৃত্ৰিম বানত কবলত শিৱসাগৰৰ চহৰৰ লগতে ঐতিহাসিক ৰংঘৰৰ বাকৰি
শিৱসাগৰ,২৩জুন : ভয়ংকৰ কৃত্ৰিম বানত কবলত শিৱসাগৰৰ চহৰৰ লগতে ঐতিহাসিক ৰংঘৰৰ বাকৰি।
দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণৰ ফলতে ৰংঘৰৰ চৌহদত হৈছে একাঁঠু পৰ্যন্ত পানী। কৃত্ৰিম বানত ডুবি থকাত ৰংঘৰৰ অস্তীত্ত্বৰ প্ৰতি নামি আহিছে ভাবুকি ।
ৰংঘৰৰ চৌহদৰ পৰা বৰষুণৰ পানী ওলাই যোৱা নলা নৰ্দমা সমূহ সঠিকভাৱে খনন নকৰা, সঠিক পৰিকল্পনাবিহীন ভাৱে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম কৰি থকা,ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নামত কেতবোৰ নলা পুতি পেলোৱা আদি কেতবোৰ কাৰণতে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনে(Sivsagar News)।
লক্ষ্যণীয় যে কেইমাহমান পূৰ্বেও ৰংঘৰৰ চৌহদ কৃত্ৰিম বানত ডুব গৈছিল । পুনৰ একেই অৱস্থা উদ্ভৱ হোৱাত সংকটত পৰিছে ৰংঘৰ ।
অন্যহাতে কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় পুৰাতত্ব বিভাগেও ৰংঘৰক চৌহদত লোৱা নাই সঠিক পদক্ষেপ।
উল্লেখ্য যে, ৰংঘৰৰ বাকৰিত যোৱা কেইমাহ মানৰ পৰাহে কৃত্ৰিম বান হ’বলৈ ধৰিছে। তাৰ আগেয়ে এনে দুৰ্যোগ অহা নাছিল ৰংঘৰৰ চৌহদলৈ।
লগতে পঢ়ক : WATCH | Chapar News : চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অধীনস্থ মুঠ আঠ খন গাওঁ পঞ্চায়তৰ গঠন প্ৰক্ৰিয়া আৰম্ভ