কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন শিৱসাগৰৰ জীয়ৰীৰ
নিউজ ডেক্স,৩ জুলাই : অসমবাসীৰ বাবে সুখবৰ। অহা ২২ জুলাইৰ পৰা ৮ আগষ্টলৈকে Birminghamত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ (Commonwealth Games)লৈ যোগ্যতা অৰ্জন কৰিছে শিৱসাগৰৰ আমগুৰিৰ জীয়ৰী পপী হাজৰিকা (Popy Hazarika)ই।
বৰ্তমান লণ্ডন (London)ত কঠোৰ অনুশীলনত ব্যস্ত ভাৰোত্তোলক (Weight Lifter) পপী হাজৰিকা। সুদূৰ লণ্ডনৰ পৰাই অসমবাসীৰ আশীৰ্বাদ বিচাৰিলে ভাৰোত্তোলক পপী হাজৰিকাই ।
আমগুৰি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰী পপী হাজৰিকা বৰ্তমান উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এগৰাকী কৰ্মচাৰী । গোলাঘাট ছাই (SAI) প্ৰকল্পত প্ৰশিক্ষণ গ্ৰহণ কৰা পপী হাজৰিকাই নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।
লণ্ডনত অনুষ্ঠিত হ’ব লগা কমনৱেলথ গেমছত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে খেলুৱৈগৰাকীয়ে । খেলৰ পূৰ্বে লণ্ডনৰ বাৰ্মিংহামত কঠোৰ অনুশীলন কৰি থকা পপীয়ে ভিডিঅ’যোগে আশীৰ্বাদ বিচাৰিলে অসমবাসীৰ ।
ইপিনে জন্মস্থান আমগুৰিটো পপীৰ সফল কামনাৰ হেতু ৰাইজৰ প্ৰাৰ্থনা । ধূপ-বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে পৰিয়ালৰ লোক তথা ওচৰ চুবুৰীয়াই । শিৱসাগৰ জিলাৰ আমগুৰি নামতি অঞ্চলৰ স্বৰ্গীয় অনুপ হাজৰিকা আৰু দীপ্তি হাজৰিকাৰ কন্যা পপী হাজৰিকাই অধ্যাৱসায় ফলত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ।