WATCH | Sivasagar News : মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন প্ৰাথমিক শিক্ষা সন্মিলনীৰ
শিৱসাগৰ,২২মাৰ্চ : মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন প্ৰাথমিক শিক্ষা সন্মিলনীৰ ।
৫০ জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পাছতেই কৃতজ্ঞতা জ্ঞাপন প্ৰাথমিক শিক্ষা সন্মিলনীৰ ।
প্ৰাথমিক শিক্ষা সন্মিলনীয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে কৃতজ্ঞতা পত্ৰ(Sivasagar News)।
১৯৮২ চনৰ পৰাই মূৰব্বীবিহীন প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ বাবে দাবী জনাই আহিছিল প্ৰাথমিক শিক্ষা সন্মিলনীয়ে।
বিগত দিনটোত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণৰ পাছতে প্ৰাথমিক শিক্ষা সন্মিলনীয়ে মুখ্যমন্ত্ৰীৰ স্থিতিক দৃঢ় বুলি মন্তব্য কৰাৰ লগতে আদৰণি জনাইছে ।