Local, Vocal, Global

WATCH | Sivasagar News : শিৱসাগৰ জিলাৰ এগৰাকী যুৱতীয়ে ঘৰতে প্ৰস্তুত কৰিছে উখোৱা চাউলৰ কে’ক

শিৱসাগৰ,১৬মাৰ্চ : শিৱসাগৰ জিলাৰ ডিমৌ গজালিৰ এগৰাকী যুৱতীয়ে উখোৱা চাউলৰ কে’ক প্ৰস্তুত কৰি ক্রেতা ৰাইজৰ পৰা ব্যাপক সঁহাৰি পাইছে ।

সাধাৰণতে কে’ক বনাবলৈ ময়দা , চেনি , ৰিফাইন তেল , বেকিং চৌদা আদি সামগ্ৰী ব্যাপক ৰূপত ব্যৱহাৰ কৰা হয় । এই সামগ্ৰী সমূহ স্বাস্থ্য সন্মত নহয় । যাৰ কাৰণে বহু ব্যক্তিয়ে কেক খাব নোৱাৰে(Sivasagar News)।

কিন্তু শিৱসাগৰ ডিমৌ গজালিৰ কুঁহি নামৰ বিপনী খনৰ স্বত্বাধিকাৰী সুদক্ষিনা দত্ত কলিতাই এই সমস্যা নাইকিয়া কৰিছে ।

স্বাস্থ্য সন্মত উপকৰণ ব্যৱহাৰ কৰি তেওঁ ভালেমান কেক আৰু বেকাৰীৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছে ।

কুঁহি নামৰ নামৰ এই বিপনী খনে কেকৰ উপৰি বেকাৰিৰ প্রায় সকলো খাদ্য তৈয়াৰ কৰে।

যুৱতী গৰাকীয়ে চাউলৰ উপৰি কল , আপেল , বিট আদিৰ পৰাও কে’ক প্ৰস্তুত কৰে ।

যুৱতী গৰাকীয়ে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী গৃহ জিলা শিৱসাগৰৰ লগতে যোৰহাট , ডিব্ৰুগড় , সোণাৰি আদিৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ড লৈ প্ৰেৰণ কৰি নিজকে সফল ব্যৱসায়ী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

সুদৰ্শনাই প্ৰস্তুত কৰা কেক আৰু অন্যান্য খাদ্য সামগ্ৰী বিক্ৰী কৰি দৈনিক ৩ পৰা ৪ হাজৰ টকা উপাৰ্জন কৰে ।

ইয়াৰ উপৰি তেওঁ এতিয়ালৈ প্ৰায় ৩ হাজাৰ যুৱতী মহিলাক কে’কৰ প্ৰশিক্ষণ প্ৰদান কৰি আত্মনিৰ্ভৰ কৰি তুলিছে ।

লগতে পঢ়ক :WATCH | Tragic Incident : নলবাৰীত হৃদয় বিদাৰক ঘটনা