Local, Vocal, Global

Sivasagar Accident:দৰা ঘৰলৈ গৈ থাকোতে দুৰ্ঘটনাত পতিত কইনাৰ বাহন

২ ফেব্ৰুৱাৰী ২০২৫,শিৱসাগৰ : শিৱসাগৰৰ ডিমৌত শোকাৱহ দুৰ্ঘটনা। দৰাৰ ঘৰলৈ গৈ থাকোতে দুৰ্ঘটনাত পতিত কইনা পক্ষৰ বাহন। নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ দাঁতিত থকা এটা পকী কালভাৰ্টত খুন্দা মাৰে AS-04AH-2844 নম্বৰৰ মাৰুটি ইক’ভেন খনে। শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু কণমানি কৃষ্ণমণিৰ নামৰ শিশুটি। দুৰ্ঘটনাত ই’ক ভান খনত থকা পুৰুষ-মহিলাকে ধৰি প্ৰায় ৭-৮ গৰাকী যাত্ৰীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।প্ৰথমাৱস্থাত কৃষ্ণমণি গগৈ নামৰ শিশুটিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। স্থানীয় ৰাইজে আহত শিশুটিৰ লগতে আটাইকেইগৰাকী আহত উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাইছিল।দুৰ্ঘটনাটোৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল কৃষ্ণমণি গগৈ নামৰ শিশুটিয়ে। চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰে কৃষ্ণমণি গগৈক।ইতিমধ্যে নিতাইপুখুৰী আৰক্ষীয়ে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই শোকাৱহ পথ দুৰ্ঘটনাৰ পিছতে সমগ্ৰ নিতাইপুখুৰী অঞ্চলত পৰিছে শোকৰ ছাঁ। শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু কণমানি কৃষ্ণমণিৰ