Sipajhar’s Arian Afridi Shines Internationally: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ছিপাঝাৰৰ আৰিয়ান আফ্ৰিদী
ছিপাঝাৰ,১০ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ছিপাঝাৰৰ আৰিয়ান আফ্ৰিদী।
আন্তঃৰাষ্ট্ৰীয় কিক বক্সিঙত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদকেৰে উজলি উঠিবলৈ সক্ষম হৈছে ছিপাঝাৰৰ এটি শিশু(Sipajhar’s Arian Afridi Shines Internationally)।
ছিপাঝাৰৰ আঠকুৰীয়াৰ কণমানি শিশু আৰিয়ানে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ ৱাকো ইণ্ডিয়া অপেন ইণ্টাৰনেশ্বনেল কিক্ বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহণ কৰিছিল।
উল্লেখযোগ্য আৰিয়ান আফ্ৰীদীয়ে পঢ়া শুনাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো বিশেষ ভাবে গুৰুত্ব দি ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰটো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল শিশু গৰাকী
শিশু খেলুৱৈ গৰাকীৰ এই সফলতাই উৎসাহিত কৰি তুলিছে পিতৃ মাতৃৰ লগতে স্হানীয় ৰাইজক।
লগতে পঢ়ক :Cachar News:কাটিগড়াৰ গড়েৰ ভিতৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত ঘোচ দাবী কৰাৰ অভিযোগ।