Local, Vocal, Global

WATCH | Sipajhar News: আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা আৰিয়ান আফ্ৰিদীক সম্বৰ্ধনা

ছিপাঝাৰ,২০ ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা আৰিয়ান আফ্ৰিদীক সম্বৰ্ধনা।

দৰঙৰ ঐতিহ্যমণ্ডিত পথৰুঘাট অঞ্চলৰ শিক্ষা, স্বাস্থ্য, পৰিৱেশ সংৰক্ষণ, ক্ৰীড়া আদি বিভিন্ন দিশত কাম কৰি অহা স্বেচ্ছাসেৱী অনুষ্ঠান জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘৰ এটি প্ৰতিনিধি দলে ৪ৰ্থ আন্ত:ৰাষ্ট্ৰীয় ৱাকো কিক্ বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰা আৰিয়ান আফ্ৰিদীৰ ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে(Sipajhar News)।

জোন জ্যোতি আঞ্চলিক প্ৰগতি সংঘৰ সম্পাদক আব্দুৰ ৰহমান, সহকাৰী সম্পাদক হাফিজুল হক, কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে মজমিল হক, ইজাজ আহমেদ, জেহেৰুল ইছলাম, মিছবাহুল হক আদিৰ উপৰিও উপদেষ্টা জুমাৰুদ্দিন আহমেদ এই সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকে। শিশু খেলুৱৈ গৰাকীয়ে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ভিত্তিত কিক্ বক্সিঙত সোণৰ পদক লাভ কৰিছিল।

লগতে পঢ়ক:WATCH | Congress MP Attacked in Rupahihat: সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ;ক্ৰিকেট বেটেৰে আক্ৰমণ সাংসদগৰাকীক