WATCH : Sipajhar News : পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ব’হাগী উৎসৱ উদযাপন
ছিপাঝাৰ,১মে’ : পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত ব’হাগী উৎসৱ উদযাপন ।
এদিনীয়া দিনযোৰা কাৰ্যসূচীৰে ব’হাগী উৎসৱ উদযাপন কৰা হয়।
সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে বিহুতলি মুকলি কৰে সদৌ অসম ছাত্র সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে(Sipajhar News)।
ব’হাগী উৎসৱ উদযাপনত হুঁচৰি পৰিৱেশন, বিহু পৰিৱেশন, বাৰেৰহনীয়া সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠানৰ লগতে আমন্ত্রিত শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়।
ব’হাগী উৎসৱত মুখ্য অতিথি হিচাপে অংশ লয় ছিপাঝাৰৰ বিশিষ্ট লেখিকা বিভাৰাণী বনিয়া, আমন্ত্রিত অতিথি ৰূপে উপস্থিত থাকে ছিপাঝাৰ উন্নয়ন খণ্ডৰ সহযোগী অভিযন্তা বিনোদ চহৰীয়া, দৰং জিলা ছাত্ৰ সন্হাৰ সভাপতি ৰাজু শৰ্মা, সদৌ অসম ছাত্র সন্হাৰ কাৰ্যনিৰ্বাহক সদস্য পৰাগ চহৰীয়া প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তি।