WATCH | Sipajhar News : দৰঙৰ হুছেইন চুবুৰীত দিবা-নৈশ কাবাদী খেল প্ৰতিযোগিতা
ছিপাঝাৰ,৭এপ্ৰিল : দৰঙৰ হুচেইন চুবুৰী খেল পথাৰত হুচেইন চুবুৰী যুৱ মঞ্চৰ উদ্যোগত ঈদ উপলক্ষে ২য় বাৰ্ষিক অসম ভিত্তিত প্ৰাইজমানি দিবা নৈশ কাবাদী খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়।
অলেখ ক্ৰীড়া প্ৰেমীৰে পৰিপূৰ্ণ হৈ পৰা কাবাডী খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ভিন্ন প্ৰান্তৰ কেইবাটাও দলে অংশগ্ৰহণ কৰা আকৰ্ষণীয় খেলখনত অৱসৰী শিক্ষক চাহাবুদ্দিন আহমেদ,চামনুৰ আলি,আলাউদ্দিন আহমেদ,আমিনুল হকসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে(Sipajhar News)।
ভিন্ন প্ৰান্তৰ খেলুৱৈ দৰ্শকৰে পৰিপূৰ্ণ মিজানুৰ ৰহমানে সুন্দৰ ৰসিক ধাৰাভাস্য আগবঢ়োৱা প্ৰাইজমাণি দিবানৈশ খেলখনত প্ৰথম বিজয়ীদলক ১০,০০০ টকাসহ ট্ৰফী আৰু ২য় বিজয়ীদলে ৭,০০০ টকাসহ ট্ৰফী লাভ কৰিবলৈ সক্ষম হ’ব।
লগতে পঢ়ক : Watch | Sootea News: চতিয়াত নিশা অবৈধ্য সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান