WATCH | Sipajhar News : বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিন্ন কাৰ্যসূচীৰে উৎসৱমুখৰ হৈ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সফল সামৰণি
ছিপাঝাৰ,৪এপ্ৰিল : বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিন্ন কাৰ্যসূচীৰে উৎসৱমুখৰ হৈ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সফল সামৰণি।
পশ্চিম দৰঙৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন অনুষ্ঠিত হয়।
ৰাতিপুৱা বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ কলিতাই বিদ্যালয়ৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সমাৰোহৰ প্ৰথম দিনৰ ভিন্ন কাৰ্যসূচী সফল ৰূপায়ণৰ পিছতেই দ্বিতীয় দিনাও সাংস্কৃতিক শোভাযাত্ৰা,সম্বৰ্ধনা আৰু ১২ বজাত অৱসৰপ্ৰাপ্ত অধীক্ষক চাহাবুদ্দিন আহমেদৰ সঞ্চালনাত পৰিচালিত স্মৃতিৰ সঁফুৰা শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ কলিতাই(Sipajhar News)।
ইতিহাস গৰকা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়ত্ৰী,অভিভাৱক আৰু ৰাইজৰে পৰিপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদীপ ভাগৱতীয়ে।
গীত মাত নৃত্য আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে জীপালহৈ পৰা মানৱসম্পদ গঢ়া বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল একেলগে প্ৰাক্তন ছাত্ৰী সন্মিলনত মিলিত হৈ আনন্দত আত্মহাৰা আৰু নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয়।
লগতে পঢ়ক : WATCH | Waqf Bill: ৱাকফ বিলক লৈ মন্ত্ৰী কিৰেণ ৰিজিজুক মুখ বন্ধ কৰিলে বিৰোধীয়ে