WATCH | Sipajhar News : ছিপাঝাৰত ৰাইজলৈ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ঈদৰ উপহাৰ
ছিপাঝাৰ,২৮মাৰ্চ : ছিপাঝাৰত ৰাইজলৈ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ঈদৰ উপহাৰ । একেদিনাই প্ৰায় ৭ কোটি টকাৰ সোতৰটাকৈ পথৰ নিৰ্মাণ কামৰ শুভাৰম্ভণি
ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে আজি সমষ্টিটোৰ এঘাৰটাকৈ গাঁও পঞ্চায়ত এলেকাত এক প্ৰকাৰে চমক দি সোতৰটাকৈ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ শুভাৰম্ভণি কৰি ৰাইজক ঈদৰ উপহাৰ আগবঢ়ায়।
পুৱা ১০ বজাত সমষ্টিটোৰ দেৱানন্দ গাঁও পঞ্চায়তত প্ৰথমটো পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি ইয়াৰ পিছত হাজৰিকাপাৰা, তুৰাই, বৰমপুৰ,বুঢ়ীনগৰ,দিপীলা, চেঙেলীয়াঝাৰ,দুনী, বোনমাঝা আৰু বুঢ়া গাঁও পঞ্চায়তত সোতৰটাকৈ নিৰ্মাণ কামৰ শুভাৰম্ভণি কৰে।
ইয়াৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বড়িগাঁও চেঙেলীয়াঝাৰ লোক নিৰ্মাণ পথৰ বাঘমাৰা -ঘোপেলী এল পি স্কুল সংযোগী পথটো ২০২৪-২৫ বৰ্ষৰ এনৰেগা আঁচনিৰ অধীনত প্ৰায় ৩৩ লাখ টকা ব্যয়ে চি চি ব্লক পথ নিৰ্মাণৰ শুভাৰম্ভণি কৰে বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী(Sipajhar News)।
ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়াই আঁতধৰা অনুষ্ঠানত বিধায়ক গৰাকীক চেলেং চাদৰ,ফুলাম গামোচাৰে আদৰণি জনোৱাৰ পিছত ৰাইজৰ আগত বিধায়ক ৰাজবংশীয়ে ৰাইজৰ অনুৰোধ ৰক্ষা কৰি পথটো চি চি ব্লক পথ হিচাপে নিৰ্মাণৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি একেদিনাই সমষ্টিটোৰ আন এঘাৰটা গাঁও পঞ্চায়তত বাকী সোতৰটা আঁচনি কামৰ শুভাৰম্ভণি কৰা বুলি প্ৰকাশ কৰি এয়া ৰাইজক ঈদৰ উপহাৰ দিয়া বুলিও মন্তব্য কৰে।
ইফালে দীৰ্ঘদিন ধৰি ৰাইজে যাতায়াতত ভোগ কৰি অহা যমৰ যান্ত্ৰণা বিধায়ক গৰাকীয়ে উপশমৰ ব্যৱস্থা কৰাত উপস্থিত ৰাইজে বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীক ধন্যবাদ জনাই।অভিযন্তা বিনোদ চহৰীয়াই আঁতধৰা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী অভিযন্তা অৰূপ পাঠক, ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভৃগুপতি ৰয়কে ধৰি ভালে কেই গৰাকী বিজেপি দলৰ কৰ্মকৰ্তা উপস্থিত আছিল।
লগতে পঢ়ক : WATCH | Chapar News : চাপৰ শান্তিপুৰত আটক তীৰ খেলৰ বুকিক