Local, Vocal, Global

WATCH |Sipajhar News: দৰং জিলা কেওট সন্মিলনৰ অন্তৰ্গত পাথৰিঘাট শাখাৰ ৭০ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

ছিপাঝাৰ,১৭মাৰ্চ : দৰং জিলা কেওট সন্মিলনৰ অন্তৰ্গত পাথৰিঘাট শাখাৰ ৭০ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি।

পাথৰিঘাট শিৱ মন্দিৰ প্ৰাংগণৰ প্ৰয়াত প্ৰতাপ চন্দ্ৰ ভূঞা ক্ষেত্ৰত ১৫ আৰু ১৬ মাৰ্চত দুদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ দ্বিতীয় তথা অন্তিম দিনা পুৱা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা(Sipajhar News)।

শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক কমলা কান্ত ডেকাই। দিনৰ ১-০০ বজাত মুকলি সভাখন সঞ্চালনা কৰে পাথৰিঘাট শাখা কেওট সন্মিলনৰ সভাপতি কমলেশ্বৰ ডেকাই। সদৌ অসম কেওট সন্মিলনৰ সভাপতি ড° বসন্ত কুমাৰ দাসে  উদ্বোধন কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে এন,ডি-২৪ অৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই ।

সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম জাতীয় শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ আৰু অসম সাহিত্য সভা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়াই।

লগতে পঢ়ক : WATCH | Mysterious Death of Assam Youth : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ দুই যুৱকৰ