Local, Vocal, Global

WATCH | Sipajhar News : পাথৰিঘাট শাখা কেওট সন্মিলনৰ ৭০সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন

ছিপাঝাৰ,১৫মাৰ্চ : দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাথৰিঘাট শাখা কেওট সন্মিলনৰ ৭০সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আৰম্ভণি।

ৰাতিপুৱা সন্মিলনৰ মূল পতাকা উত্তোলন কৰে পাথৰিঘাট শাখা কেওট সন্মিলনৰ সভাপতি কমলেশ্বৰ ডেকাই ।

তাৰ পিছতেই ৭০খন পতাকা উত্তোলন কৰা হয় ৭০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা(Sipajhar News)।

স্মৃতি তৰ্পণ, স্বাধীনতা আন্দোলনৰ বীৰাঙ্গণা শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পথৰুঘাট কৃষক শ্বহীদ স্মৃতি বেদীত স্মৃতি তৰ্পণৰ লগতে ভিন্ন কাৰ্যসূচী ৰূপায়ন হয়।

দুপৰীয়া প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ লগতে নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

লগতে পঢ়ক : WATCH | Road Accident : অচিনাক্ত বাহনে মহতিয়াই থৈ গ’ল দুই স্কুটি আৰোহীক