WATCH | Sipajhar News : ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট

ছিপাঝাৰ,১০মাৰ্চ : ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত গো চৰণীয়াপথাৰ বেদখলমুক্ত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট ।
ছিপাঝাৰ খাছ সোনাপুৰ, সোনাপুৰ,স’লপাম,বদিয়াসিচা ,দুমুনিচকী অঞ্চলৰ ৰাইজৰ উদ্যোগত আজি ছিপাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মধট কাৰ্যসূচী পালন কৰে।
দাবী অনুসৰি খাছ সোনাপুৰ গো-চৰণীয়া পথাৰ বেদখলমুক্ত কৰি গো-চৰণীয়াপথাৰ হিচাপে সংৰক্ষণ কৰা, খাছ সোনাপুৰ উত্তৰ দিশৰ পৰা পানী অহা দোংটি মেৰামতি কৰা, খাছ সোনাপুৰ গো -চৰণীয়াপথাৰত গছ কাটি তহিলং কৰাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত এই অৱস্থান ধৰ্মধট কাৰ্যসূচী পালন কৰে(Sipajhar News)।