WATCH | Sipajhar News: অগপৰ ভেটি শক্তিশালী কৰিবলৈ নেতা কৰ্মীক লগত লৈ চলাইছে কচৰৎ
ছিপাঝাৰ,৪মাৰ্চ : ছিপাঝাৰত গাঁৱে গাঁৱে জয়নাথ । অগপৰ ভেটি শক্তিশালী কৰিবলৈ নেতা কৰ্মীক লগত লৈ চলাইছে কচৰৎ ।
ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আৰু তাৰ সমান্তৰাল ভাবে ‘২৬ ৰ বিধানসভা নিৰ্বাচনকলৈ ছিপাঝাৰত যেন অগপই কঁকালত টঙালি বান্ধি উঠি পৰি লাগি পৰিছে।
ছিপাঝাৰত আঞ্চলিক দলটোৰ নেতৃত্ব লৈছে এসময়ত প্ৰাক্তন মন্ত্ৰী তথা অগপৰ কেন্দ্ৰীয় উপ সভাপতি ডঃ জয়নাথ শৰ্মাই। ছিপাঝাৰৰ বিশ বছৰীয়া ৰাইজৰ প্ৰতিনিধি জয়নাথ শৰ্মাই ছিপাঝাৰ তথা দৰঙত অগপক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ যুদ্ধ সৈনিকৰ দৰে প্ৰতিটো দিনেই ৰাইজৰ মাজত থাকি দলটোৰ প্ৰতি ৰাইজৰ আস্থা ঘুৰাই অনাত দেহেকেহে লাগি পৰিছে(Sipajhar News)।
যোৱা শনিবাৰৰ পৰা অগপৰ ছিপাঝাৰৰ সেনাপতি ৰূপী জয়নাথ শৰ্মাই সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নামখলা গাঁও পঞ্চায়ত পঞ্চায়তৰ কেইবাখনো গাঁৱত দলীয় নেতা কৰ্মীৰ সহযোগত ৰাইজৰ মাজত উপস্থিত হৈ মন্থন আলোচনা চলোৱাৰ লগতে ৰাজহুৱা সভাত অংশগ্ৰহন কৰাৰ লগতে গাঁও সমূহত বুথ কমিটীও গঠন কৰে। ৰাজনীতিৰ খেল পথাৰত এগৰাকী সুদক্ষ ষ্ট্ৰাইকাৰ খেলুৱৈ হিচাপে পৰিচিত জয়নাথ শৰ্মাই অগপকলৈ চলোৱা নিৰ্বাচনী তৎপৰতাই বিৰোধী শিবিৰত কঁপনি তুলিছে।
লগতে পঢ়ক :WATCH | Chapar News : চাপৰত অভাৰলোড চাই ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম