WATCH | Sipajhar News : ব্যাস ওজাপালিৰ বৰেণ্য সাধক ধৰ্মেশ্বৰ নাথৰ পৰলোকপ্ৰাপ্তি
ছিপাঝাৰ,৪মাৰ্চ : ব্যাস ওজাপালিৰ বৰেণ্য সাধক ধৰ্মেশ্বৰ নাথৰ পৰলোকপ্ৰাপ্তি ।
ছিপাঝাৰৰ সাতঘৰীয়া গাওঁ নিৱাসী, ব্যাস ওজাপালিৰ বৰেণ্য সাধক, শিল্পী পেঞ্চন প্ৰাপক তথা বিষ্ণুৰাভা বঁটা আৰু সংগীত নাটক অকাডেমীৰ অমৃত বঁটাৰে বিভূষিত ধৰ্মেশ্বৰ নাথৰ সোমবাৰে ২-৪৫ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়।
শিল্পী গৰাকী হঠাতে অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ(Sipajhar New)।
উল্লেখ্য যে ধৰ্মেশ্বৰ নাথে ওঠৰ বছৰ বয়সতে দৰঙৰ অপূৰ্ব লোককৃষ্টি ব্যাস ওজাপালিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰিছিল। বিগত ১৯৮৪ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পীৰ মৰ্যাদা লাভ কৰি নিয়মীয়াকৈ আকাশবাণী যোগেৰে ওজাপালি পৰিবেশন কৰি লোককৃষ্টি বিধৰ প্ৰচাৰ আৰু প্ৰসাৰত অনবদ্য অৱদান আগবঢ়োৱা ধৰ্মেশ্বৰ নাথে ৰবীন্দ্ৰ ভৱন, শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰি উচ্চ প্ৰশংসিত হৈছিল।
ৰাগ প্ৰধান ব্যাসৰ ওজাপালিৰ নিৰলস সাধনাৰ বাবে ধৰ্মেশ্বৰ নাথলৈ অসম চৰকাৰে ২০১৪ চনত আগঢ়াইছিল নিয়মীয়া শিল্পী পেঞ্চন। আনহাতে আজন্ম সাধক গৰাকীক ২০২৩ চনত ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল অমৃত বঁটা। একেদৰে অসম চৰকাৰে ২০২৪ বৰ্ষত বৰ্ষীয়ান শিল্পী গৰাকীক বিভূষিত কৰিছিল বিষ্ণু ৰাভা বঁটাৰেও। লোকশিল্পী গৰাকীৰ মৃত্যুত ছিপাঝাৰত শোকৰ ছাঁ পৰে।
লগতে পঢ়ক :WATCH | Jamugurihat News : জামুগুৰিহাটত ডি এফ অৰ গাড়ী ভঙা ভূবন ডাংগিক গ্ৰেপ্তাৰ