Local, Vocal, Global

WATCH |Sipajhar News:ছিপাঝাৰ ব্লক কংগ্ৰেছ কমিটীৰ সংবাদমেল সম্বোধন

ছিপাঝাৰ,২৩ফেব্ৰুৱাৰী : ছিপাঝাৰ ব্লক কংগ্ৰেছ কমিটীৰ সংবাদমেল সম্বোধন। সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী এলিজাবেথ কলবৰ্ণ গগৈৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ অপপ্ৰচাৰ,সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণ।

লগতে অসমৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মী সকলক কৰা নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দৰং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী দেৱৰ নিৰ্দেশ মৰ্মে সংবাদ মেলত বক্তব্য প্ৰদান কৰে দৰং জিলা কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ উপ-সভাপতি নিত্য গোপাল গোস্বামী, উপ- সভাপতি জগন্নাথ দেৱ গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা, দৰং জিলা কংগ্ৰেছ কমিটিৰ মেডিয়া বিভাগৰ অধ্যক্ষ বাহাৰুল ইছলাম(Sipajhar News)।

সভাত উপস্থিত থাকে জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আফাজুদ্দিন আহমেদ,ব্লক কংগ্ৰেছৰ কৃষক বিভাগৰ সভাপতি জিয়াউল ৰহমান।ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ইছমাইল আলি  সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক:WATCH | Akhil Gogoi: ‘বক্রপথেৰে যদি চাকৰি লৈছে তেন্তে বৰ্খাস্ত কৰিব লাগে মোৰ পত্নীক’ : অখিল গগৈ