Sipajhar News :’মুখ্যমন্ত্ৰী মহোদয় আমাক অলপ সহায় কৰক: ‘ককায়েকৰ কাষত বহি ভগ্নীৰ কান্দোন
ছিপাঝাৰ,২০নৱেম্বৰ : ছিপাঝাৰ দামপুৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ বিননি। ককায়েকৰ কাষত বহি ভগ্নীৰ কান্দোন ‘মুখ্যমন্ত্ৰী মহোদয় আমাক অলপ সহায় কৰক ‘।
দৰিদ্ৰতাই কোঙা কৰি পেলোৱা এটা দুৰ্ভগীয়া পৰিয়াল। দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দামপুৰৰ এটি অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ কৰুণ বিননিয়ে সকলোৰে হৃদয়ৰ চুই গৈছে(Sipajhar News)।
দৰিদ্ৰতাই কোঙা কৰি পেলোৱা প্ৰয়াত নুৰুল আহমেদৰ এক মাত্ৰ পুত্ৰ আব্দুল হেকিব ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। ২৯ বছৰীয়া আব্দুল হেকিবে নিতৌ দিন হাজিৰা কৰি দুখ কষ্টৰ মাজৰে পৰিয়ালটো কিবাকৰি পোহপাল দি আছিল । যিদিনা হেকিব হাজিৰা কৰিবলৈ বাহিৰলৈ ওলাই নাযায় সেইদিনা পৰিয়ালটোৰ আখলত নজ্বলে জুই। হেকিবেও পিতৃৰ অৱৰ্তমানত পৰিয়ালৰ দায়িত্ব মূৰ পাতি লৈ দুখ কষ্ট ভাগৰকো একাষৰীয়া কৰি চলাই গৈছিল দিন হাজিৰা ।
এনে সময়ত হঠাতে পৰিয়ালটোলৈ নামি আহে ঘৰখনলৈ ঘোৰ অমানিশা।পৰিয়ালটোৰ বাবে আন্ধাৰ কেৱল মাত্ৰ আন্ধাৰ।কিয়নো পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ সম্বল আব্দুল হেকিবৰ দুয়োটা কিডনী হৈ পৰে বিকল।লগে লগে ঘৰখনৰ উপাৰ্জনৰ পথ হৈ পৰে স্তব্ধ। দিক বিধিৰ হেৰুৱাই পেলোৱা পৰিয়ালটোই কৰিব কি, কোনে কৰিব সহায়। পৰিয়ালটোৰ হাতত নাই টকা পইচা। চকুৰে ধূৱলি কূঁৱলি দেখিবলৈ লোৱা হেকিবৰ ভনীয়েকে একো উপায় বিচাৰি নাপায় অৱশেষত নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি ককায়েকক সুস্থ কৰি তোলাৰ আশাৰে নিজৰ এটা কিডনী দি হলেও জীয়াই ৰাখিব ককায়েকক।
বৰ্তমান চিকিৎসাধীন যুৱক জনৰ পৰিয়ালটিয়ে আৰ্থিক সমস্যাত ভুগিছে। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে বিচাৰিছে সহায় সাহায্য।
মুখ্যমন্ত্ৰী মহোদয়ৰ সহায় বিচাৰিছে। চকুপানীয়েই প্ৰতিটো মুহূৰ্তত লগৰী হৈ পৰা ভগ্নীৰ হৃদয় বিদাৰক কান্দোন-” মুখ্যমন্ত্ৰী মহোদয় আমাক অলপ সহায় কৰক,’ ককাইক বচাই পৰিয়ালটো জীয়াই থাকিবলৈ দিয়ক ‘, ‘সকলোৱে আমাক যি পাৰে অলপ দয়া কৰক ‘। ককায়েকৰ ওচৰত বহি এয়া এগৰাকী ভগ্নীৰ কান্দোন।
কোনো হৃদয়বান ব্যক্তিয়ে যদি পাৰে অলপ সহায়ৰ হাত আগবঢ়ালৈ আহ্বান। যদি কোনেৱে দিব বিচাৰে তেনেহলে Gpay নম্বৰ 60000-89675ত অথবা এই ফোন নম্বৰত যোগাযোগ কৰি আৰ্থিক সহায় কৰিব পাৰে ।
লগতে পঢ়ক:Tiger terror in Dalgaon: দলগাঁৱত বাঘৰ আক্ৰমণত আহত এজন