Watch | Sipajhar accident: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত ছিপাঝাৰৰ অসমমালা পথ
ছিপাঝাৰ: ছিপাঝাৰৰ পৰা টংলা সংযোগী পথত নিশা সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হৈছিল তুৰাই গাঁৱৰ ৰেকীবুদ্দিন আহমেদ (৩৫) নামৰ এজন যুৱক। নিশাৰ ভিতৰতে চিকিৎসালয়লৈ নিয়া হৈছিল যুৱকজনক।
কিন্তু নিশাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজন । এই পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যুৰ পাছতেই ৰাইজে অৱৰোধ কৰে ছিপাঝাৰ টংলা সংযোগী পথ । অসমমালা পথত বাঁহ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। পথত শীঘ্ৰে গতিৰোধক দিয়াৰ দাবী ৰাইজৰ।পথ নিৰ্মাণত গাফিলতিৰো অভিযোগ। মৃতকৰ পৰিয়ালক ক্ষতি পুৰণৰো দাবী।