Local, Vocal, Global

WATCH | Sipajar News : দীঘিৰপাৰ কমলা কুঁৱৰী শাখা লেখিকা সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

ছিপাঝাৰ,২৯এপ্ৰিল : দীঘিৰপাৰ কমলা কুঁৱৰী শাখা লেখিকা সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন।

লেখিকা সংস্থা,অসমৰ অন্যতম শাখা দিঘীৰপাৰ কমলা কুঁৱৰী শাখাৰ পঞ্চম দ্বি -বাৰ্ষিক অধিৱেশন খন মঙলবাৰে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ঐতিহাসিক বিহুভাঙাৰ ,বিহুভাঙা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

দীঘিৰপাৰ কমলা কুঁৱৰী শাখা লেখিকা সংস্থাৰ সভাপতি নীলিমা বৰুৱাই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা আজিৰ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰেৱতী দেৱীয়ে আৰু স্মৃতি তৰ্পণ কৰে উপদেষ্টা জয়মতী দেৱীয়ে(Sipajar News)।

ইপিনে প্ৰতিকূল বতৰকো নেওচি আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে দীঘিৰপাৰ কমলা কুঁৱৰী শাখা লেখিকা সংস্থাৰ সভাপতি নীলিমা বৰুৱাই।

ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ: শিক্ষক সৎৰাম ডেকাই উদ্বোধন কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লেখিকা সংস্থাৰ মুখপত্ৰ সুবাসিনী আনুষ্ঠানিক ভাৱে উন্মোচন কৰে লেখিকা সংস্থা অসমৰ উপ -সভাপতি কুঞ্জ দেৱীয়ে ।

নিজৰ উন্মোচনী ভাষণত দেৱীয়ে নাৰী সবলিকৰণত নাৰীৰ কৰণীয় আৰু ভূমিকাৰ ওপৰত মননশীল মন্তব্য আগবঢ়োৱাৰ লগতে সমাজৰ উত্তৰণৰ হকে নাৰীয়ে হাতত কলম তুলি লব লাগিব বুলি মন্তব্য কৰে। একেটা অনুষ্ঠানতে দীঘিৰপাৰ কমলা কুঁৱৰী শাখা লেখিকা সংস্থাৰ সহ সম্পাদিকা শুভেশ্বৰী ডেকাৰ কাব্য গ্ৰন্থ “নিসংগতাৰ গান ” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মংগলদৈ শাখা লেখিকা সংস্থাৰ সভাপতি বৰদা শইকীয়াই।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত উদণ্ড বনৰীয়া ম’হৰ আক্ৰমণত যুৱকৰ মৃত্যু