WATCH | Sipajar News : বৰদৌলগুৰি -দুমুনিচকী জিলা পৰিষদ সমষ্টিৰ অগপ প্ৰাৰ্থী চণ্ডীচৰণ চৌধুৰীৰ ব্যাপক প্ৰচাৰ অভিযান
ছিপাঝাৰ,২৪এপ্ৰিল : বৰদৌলগুৰি -দুমুনিচকী জিলা পৰিষদ সমষ্টিৰ অগপ প্ৰাৰ্থী চণ্ডীচৰণ চৌধুৰীৰ ব্যাপক প্ৰচাৰ অভিযান । কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ’ব যদিও তেওঁ অপ্ৰতিৰোধ্য
দৰঙৰ ছিপাঝাৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তুংগত উঠিছে । আজিৰ দিনটোলৈ সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ প্ৰচাৰা অভিযানে খদমদম লগাই তোলা পৰিলক্ষিত হৈছে।
সমষ্টিটোৰ চাৰি জিলা পৰিষদ সমষ্টিৰ বৰদৌলগুৰি -দুমুনিচকী জিলা পৰিষদ সমষ্টিত অগপ তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী যুৱ সমাজকৰ্মী চণ্ডীচৰণ চৌধুৰী জিলা সমষ্টিটোত নিজৰ প্ৰচাৰ জোৰদাৰ কৰি তুলিছে(Sipajar News)।
আজি পুৱা দুৱৰীপাৰাত কেইবা শতাধিক পুৰুষ -মহিলাৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভা এখনত উপস্থিত থাকি প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ বাবে বিজেপি চৰকাৰে গ্ৰহন কৰা আঁচনি সমূহৰ ওপৰত বিশ্বাসযোগ্য বক্তব্য ৰাখি বিশ্বাস আৰু আস্থাৰে ৰাইজ মিত্ৰজোঁটৰ সমৰ্থনত মুকলি ভাবে ওলাই আহিছে বুলি উল্লেখ কৰে।
পঞ্চায়ত নিৰ্বাচনত বৰদৌলগুৰি-দুমুনিচকী জিলা পৰিষদ সমষ্টিত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বুলি উল্লেখ কৰি কংগ্ৰেছ প্ৰাৰ্থীৰ লগত প্ৰতিদ্বন্দ্বিতা হ’ব যদিও এই নিৰ্বাচনত তেওঁ অপ্ৰতিৰোধ্য বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ধৰ্মেশ্বৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত প্ৰচাৰ সভাত বিজেপি নেতা কুলদ্বীপ বৰুৱা, ধীৰেন্দ্ৰ ডেকা, অমূল্য দাস, ছিপাঝাৰৰ পৌৰপতি পিনাক্ষী শৰ্মাও চমু বক্তব্য আগবঢ়ায়।