WATCH | Sipajar News : পশ্চিম দৰঙৰ এখন বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে গোমঠা আৰু আঠিয়াবাৰী অঞ্চলৰ ৰাইজক

ছিপাঝাৰ,২৪এপ্ৰিল : পশ্চিম দৰঙৰ এখন বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে গোমঠা আৰু আঠিয়াবাৰী অঞ্চলৰ ৰাইজক। গোমঠা আৰু আঠিয়াবাৰীৰ মাজত কালপানী নদীৰ ওপৰত নিৰ্মীয়মান পকা দলং খনৰ কাষত থকা উপপথৰ এখন বাহৰ দলং। ছাত্ৰ-ছাত্ৰী,পথচাৰীৰ যোগাযোগ সদাব্যস্ত গাঁও দুখনৰ মাজত সংযোগ স্থাপন কৰা পথটোত থকা উপপথৰ বাঁহৰ দলঙে দুৰ্ভোগ ভুগাইছে অঞ্চলবাসী ৰাইজক(Sipajar News)।
উক্ত বাহৰ দলং খন জহি-খহি যাব ধৰাত ভৱিষ্যৎ যোগাযোগ ব্যৱস্থাত সুবিধাত পৰাৰ শংকা প্ৰকাশ কৰিছে ৰাইজে ।
ৰাইজে জনোৱা অনুসৰি বাৰিষাৰ আগে আগে যদি দলংখন মেৰামতি সম্পূৰ্ণ নকৰে তেতিয়া হলে বৃহত্তৰ অঞ্চলবাসীয়ে আগন্তুক বাৰিষা জীয়াতু ভুগিব লাগিব বুলি সদৰি কৰিছে। স্থানীয় ৰাইজে অতি তৎকালীন ভাবে দলংখন মেৰামতি কৰিবলৈ দাবী জনাইছে।
লগতে পঢ়ক : WATCH | Panchayat Election : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰ অভিযান