Local, Vocal, Global

WATCH | Sipajar News : পকীপথত নহয় যেন পুখুৰী হে!

ছিপাঝাৰ,২৩এপ্ৰিল : পকীপথত নহয় যেন পুখুৰী হে। মেৰামতিৰ নাই কোনো ব্যৱস্থা ।
 

ছিপাঝাৰত লোক নিৰ্মাণ বিভাগৰ এটি পকী পথত ঠাই বিশেষে সৃষ্টি হোৱা পুখুৰী সদৃশ পানীয়ে ৰাইজক যমৰ যন্ত্ৰণা যোগাইছে। যিটো পথত  এজাক  বৰষুণ দিলেই হৈ পৰে পুখুৰী সদৃশ পানী।

ছিপাঝাৰৰ পশ্চিমাঞ্চলৰ  দুৱৰীপাৰা – কঠামাৰা  সংযোগী লোক নিৰ্মাণ বিভাগৰ এটি পকী পথটোই অঞ্চলটোৰ ৰাইজৰ বাবে যোগাযোগ তথা যাতায়াত , শিক্ষা , স্বাস্থ্য, ব্যৱসায় বাণিজ্য, অফিচ -কাছাৰী আদি সকলো ফালৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ পথ(Sipajar News)।

প্ৰতিটো দিন আৰু  নিশাৰ ভাগটো শ শ লোকৰ পথটোৰে আহ -যাহ চলে।কিন্তু মঙলদৈ লোক নিৰ্মাণ বিভাগৰ এই সদা ব্যস্ত পথছোৱা মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰাত অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘মুখ্যমন্ত্ৰী ড০ শৰ্মা অসমৰ জেইলাৰ’