Local, Vocal, Global

WATCH | Sipajar News : দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ লোকশিল্পীৰ আনন্দ দিন উদযাপন

ছিপাঝাৰ,২১এপ্ৰিল : দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ লোকশিল্পীৰ আনন্দ দিন উদযাপন ।

পহিলা ব’হাগৰ পৰা সাত বিহুৰ ভিতৰত জিলাখনৰ ২৭গৰাকী প্ৰবীণ লোকশিল্পীক ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা ।

পাথৰিঘাটৰ আলিখাপাৰা গাঁওৰ ব্যাস সংগীতৰ সাধক তথা জনপ্রিয় পুথি পাঠক পীতাম্বৰ শইকীয়াৰ গৃহত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত বৃহত্তৰ পাথৰিঘাটৰ কেইবাখনো গাঁওৰ ছয় গৰাকী শিল্পীক সম্বৰ্দ্ধনা জনাই(Sipajar News)।

ব্যাস সংগীতত পীতাম্বৰ শইকীয়া আৰু নাৰায়ণ বৰুৱা, দৰঙী সংকীৰ্তণ নামত কনক চন্দ্র বৰুৱা, নাগাৰা নামত ৰমনীকান্ত শইকীয়া, দেহ বিচাৰ গীতত প্ৰফুল্ল কুমাৰ মেধি আৰু চেৰাধেকত ইদ্ৰিছ আলীক সম্বৰ্দ্ধনা জনাই ।

এই অনুষ্ঠানত উপস্থিত থাকে দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, সম্পাদক ৰত্ন ডেকা, বিশিষ্ট শিক্ষক ভাৰত চন্দ্র শইকীয়া প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : WATCH | Dead body found : ৰঙিয়া খৈৰাবাৰীৰ ৰাজহুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ