Local, Vocal, Global

WATCH | Sipajar News : ৫১৩ নং কমাৰগাঁও প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ আৰু সজাগতা সভা

ছিপাঝাৰ,১১জুন : দৰঙৰ ৫১৩ নং কমাৰগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশীৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি,পথৰুঘাট মণ্ডল আৰু কমাৰগাঁও যুৱমঞ্চৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়।

প্ৰায় দ্বি শতাধিক ৰোগীক আজি স্বাস্থ্য পৰীক্ষা কৰে ডাঃ জ্ঞানদ্বীপ চহৰীয়া,ডাঃগৌৰি চাহা আৰু ডাঃ জাহ্নৱী বৰাই। আনহাতে যোৱা ৬ জুন তাৰিখে কমাৰগাঁও লক্ষ্মীমন্দিৰত অনুষ্ঠিত জেঠমহীয়া নামপ্ৰসংগৰ মাহ প্ৰসাদত প্ৰসাদ খাই আক্ৰান্ত হোৱা ৰোগীসকলক সজাগ আৰু সচেতন কৰাৰ লক্ষৰে বিজেপি পাথৰিঘাট মণ্ডলৰ সভাপতি তপন চহৰীয়াৰ সভাপতিত্বত এখন স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়(Sipajar News)।

সদ্য নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি গজেন কলিতা আৰু যুৱ মঞ্চৰ বিষয়ববীয়া খনিন্দ কলিতাই আঁতধৰা কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰা সজাগতা সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী,স্বাস্থ্য বিষয়া ডাঃঅৰ্চনা বৰুৱা,সদ্য নিৰ্বাচিত জিলা পৰিষদৰ সদস্য হেমন্ত কুমাৰ ডেকা,ৰূপালী দেৱী,সমাজসেৱী হৰেন ডেকা,বিজেপি পাথৰিঘাট মণ্ডলৰ সম্পাদকক্ৰমে লোহিত হাজৰিকা,ভাস্কৰ কলিতা,দিপীলা শক্তিকেন্দ্ৰৰ আহ্বায়ক ভুপেন কলিতাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি স্বাস্থ্য সজাগতা সম্পৰ্কে বিশেষভাৱে আলোকপাত কৰে।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘মিত্ৰতা দিল্লী,দিছপুৰত আছে কিন্তু কোকৰাঝাৰত নিজাববীয়াকৈ নিৰ্বাচন খেলিম