Local, Vocal, Global

WATCH | Sipajar News : বৰদৌলগুৰি সমবায় সমিতি লিমিটেডৰ উদ্যোগত পেপাৰ ডিছ -প্লেট তৈয়াৰ  কৰা উদ্যোগৰ শুভাৰম্ভণি

ছিপাঝাৰ,২৮মে’ : বৰদৌলগুৰি সমবায় সমিতি লিমিটেডৰ উদ্যোগত পেপাৰ ডিছ -প্লেট তৈয়াৰ  কৰা উদ্যোগৰ শুভাৰম্ভণি আৰু পঞ্চায়ত প্ৰতিনিধিৰ সম্বৰ্ধনা অনুষ্ঠান 

ছিপাঝাৰৰ বৰদৌলগুৰি সমবায় সমিতি লিমিটেডৰ উদ্যোগত ৰাইজক সুলভ মূল্যত যোগান ধৰাৰ উদেশ্যে পেপাৰ ডিছ-প্লেট তৈয়াৰ কৰা উদ্যোগ মঙলবাৰে শুভাৰম্ভণি কৰে ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে(Sipajar News)।

সমবায়খনৰ গৃহতে স্থাপন কৰা ডিছ -প্লেট উদ্যোগটি শুভাৰম্ভণি কৰি  বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে উৎপাদিত সামগ্ৰী গ্ৰাহক ৰাইজে কম দামত পাব পাৰিব আৰ  ৰাইজৰ বাবে সহায়ক হ’ব বুলি উল্লেখ কৰে।

আনহাতে অনুষ্ঠানতে বৰদৌলগুৰি সমবায় সমিতিৰ অধীনস্থ গাঁও পঞ্চায়ত সমূহৰ ২০২৫ চনৰ নিৰ্বাচনত বিজয়ী হোৱা প্ৰতিনিধি সকলক ফুলাম গামোচা, গছপুলি, স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বৰদৌলগুৰি -দুমুনিচকী জিলা পৰিষদ সমষ্টিৰ নৱ নিৰ্বাচিত সদস্য চণ্ডীচৰণ চৌধুৰী, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, বিজেপি নেতা অমূল্য দাস,গনেশ কুঁৱৰী মণ্ডল বিজেপিৰ সভাপতি অঞ্জন গোস্বামীকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

অনুষ্ঠানৰ আৰম্ভণিতে এটি গছপুলি ৰোপণ কৰি শুভাৰম্ভ কৰে বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমবায় সমিতিৰ এজেণ্ট, শুভাকাংক্ষী লোকলো উপস্থিত আছিল। অনুষ্ঠানৰ শেয়ত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু শলাগৰ শৰাইৰে অন্ত পৰে।

লগতে পঢ়ক : WATCH | Moirabari News : ‘পিতৃ-মাতৃ ভাৰতীয়, কিন্তু এজন সন্তান কেনেকৈ বিদেশী’ ?