WATCH | Sipajar News : দুৱৰীপাৰাত লোক নিৰ্মাণ বিভাগৰ জৰাজীৰ্ণ পকীপথত পুখুৰী সদৃশ পৰিৱেশ
ছিপাঝাৰ,১৫মে’ : ছিপাঝাৰৰ দুৱৰীপাৱাত লোক নিৰ্মাণ বিভাগৰ জৰাজীৰ্ণ এটি পকী পথত ঠাই বিশেষে সৃষ্টি হোৱা পুখুৰী সদৃশ পানীয়ে ৰাইজক যমৰ যন্ত্ৰণা ভুগাইছে ।
এজাক বৰষুণ দিলেই হৈ পৰে পুখুৰী সদৃশ পৰিৱেশ। ছিপাঝাৰৰ পশ্চিমাঞ্চলৰ দুৱৰীপাৰা-কঠামাৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ এটি পকীপথেই অঞ্চলটোৰ ৰাইজৰ বাবে যোগাযোগ তথা যাতায়াত,শিক্ষা,স্বাস্থ্য,ব্যৱসায় বাণিজ্য,অফিচ -কাছাৰী আদি সকলো ফালৰ পৰা মুখ্য পথ(Sipajar News)।
যিটো পথৰে দৈনিক দিন আৰু নিশাৰ ভাগত শ-শ লোকৰ চলাচলৰ লগতে সৰু-বৰ যান বাহন চলে। এনে এটা সদাব্যস্ত লোক নিৰ্মাণ পথৰ জৰাজীৰ্ণ অৱস্থাৰ পাছতো বিভাগে মেৰামতি নকৰাতো আশ্বৰ্যজনক কথা।
বিশেষকৈ দুৱৰীপাৰা জামে মছজিদৰ সমীপত সৃষ্টি হোৱা বোকা পানীৰ বাবে ৰাইজে চলাচল কৰাত জীয়াতু ভুগিবলগীয়া হৈছে। একেদৰে গাঁও খনৰ শিৱ মন্দিৰৰ সমীপত পথচাৰী চলাচল কৰিব নোৱাৰা হৈ পৰিছে। গাড়ী এখন গ’লে পথচাৰী মানুহৰ গাত বোকাময় লেতেৰা পানী পৰে। তদুপৰি আঁঠুৰ ওপৰলৈ কাপোৰ কোচাই ধৰি লৈহে পানীৰ মাজেৰে যাতায়াত কৰিব লাগে এনে এটা বিধ্বস্ত পথ মেৰামতি নোহোৱাকৈ পৰি থকাত বিভাগৰ সফলতাৰ ছবিখন উদঙাই দেখুৱাইছে বুলি সকলোৱে ক’ব খোজে।
উল্লেখ্য যে, ২০২৩ বৰ্ষৰ জুলাই মাহত পথটোৰ সমীপত ননৈ নদীৰ মথাউৰি ছিগি লোক নিৰ্মাণ বিভাগৰ পকী পথটোৰ ক্ষতিসাধন কৰিছিল। কিন্তু তেতিয়াৰ পথটো মেৰামতিৰ প্ৰয়োজন থকা সত্ত্বেও বিভাগে মেৰামতি নকৰি পেলাই থোৱাৰ ৰাইজৰ আজি যাতায়াতত যমৰ যাতনা।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰীৰ চাবলৈ সংখ্যালঘু ভাগিনৰ হেতাওপৰা