WATCH | Sipajar News :চেঙেলীয়াঝাৰ ১নং চ’কৰ নেতৃস্থানীয় যুৱ মঞ্চৰ উদ্যোগত ২৮ সংখ্যক ব’হাগী উৎসৱ উদযাপন
ছিপাঝাৰ,৫মে’ : ছিপাঝাৰৰ ১ নং চেঙেলীয়াঝাৰ চ’কৰ নেতৃস্থানীয় যুৱ মঞ্চৰ উদ্যোগত ইয়াৰ ২৮ সংখ্যক ব’হাগী উৎসৱ উদযাপন। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সন্ধিয়া ৭.৩০ বজাত বিহুৰ মঞ্চ উদ্বোধন কৰে ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা তথা এগৰাকী সংস্কৃতিবান ব্যক্তি বিনোদ চহৰীয়াই।
পোনতে গীতেৰে শুভাৰম্ভণি কৰা উদ্বোধক বিনোদ চহৰীয়াই কৃষ্টি সংস্কৃতি শুদ্ধ ৰূপত পৰিৱেশন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মঞ্চত স্বনামধন্য প্ৰয়াত ডঃ ভূপেন হাজৰিকা, বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত পৰিৱেশন কৰিবলৈ আহ্বান জনায়(Sipajar News)।নিজৰ বক্তব্যত উদ্বোধক গৰাকীয়ে উপস্থিত অভিভাৱক সকলৰ উদ্দেশ্যে কয় যে ছাত্ৰ ছাত্ৰীক সকলক সদায় ভাল দৰে শিক্ষা দিব লাগে যাতে এগৰাকী ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।
মহেশ শৰ্মাই আঁতধৰা অনুষ্ঠানত ডঃ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীতেৰে উদ্বোধনী বক্তব্যৰ সামৰণি মাৰে। ইয়াৰ পিছতে বিহুৱা দলৰ বিহু প্ৰদৰ্শন আৰু বিহু নৃত্য, আধুনিক নৃত্যৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক গোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়।
লগতে পঢ়ক : WATCH | Rongali Bihu : জামুগুৰিহাটৰ নবিল বড়ো গাওঁ যুৱক সংঘৰ সৌজন্যত নৱম বাৰ্ষিক ৰঙালী বিহু উদযাপন