WATCH | Sipajar News : ছিপাঝাৰৰ পিপৰা দোকানত অসমৰ প্ৰথমখন গোশালাৰ উদ্ধোধন
ছিপাঝাৰ,১৪এপ্ৰিল : আজি গৰু বিহু। কৃষিজীৱী চহা অসমীয়াই পালন কৰিছে গৰু বিহু। গৰু বিহুৰ দিনাখনে ছিপাঝাৰৰ পিপৰা দোকানত অসমৰ প্ৰথমখন গোশালাৰ উদ্ধোধন।
বিশ্ব হিন্দু মহাসংঘ গো-ৰক্ষা প্ৰকোষ অসম প্ৰদেশৰ প্ৰথমখন গোশালা উদ্ধোধন। ৰাতিপুৱাতে গৰু ধুৱাই গামোচো, বিহুৱান, ফুলৰ মালাৰে পূজা কৰে মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰে বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আচাৰ্য্য সন্তোষ ডুবে প্ৰমুখ্যে বিশ্ব হিন্দু মহাসংঘ গো-ৰক্ষা প্ৰকোষ অসম প্ৰদেশৰ কেইবাগৰাকীও বিষয়ববীয়াই(Sipajar News)।
পৰৱৰ্তী সময়ত অসমৰ প্ৰত্যেকখন জিলাতে দুখনকৈ গো-শালা স্হাপনৰ লক্ষ্য আগত লৈ যাত্ৰা আৰম্ভ কৰা বুলি উল্লেখ কৰে বিষয়ববীয়াই। গো-মাতাক সংৰক্ষণ তথা সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গো-শালা স্থাপন কৰাৰ কথা প্ৰকাশ কৰে।
লগতে পঢ়ক : WATCH | New Born Baby Dead Body Found : ওদালগুৰিৰ ৰৌতাত সভ্য সমাজক লজ্জানত কৰা ঘটনা