Local, Vocal, Global

Singer Rupa Millis father dead body found :অৱশেষত উদ্ধাৰ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিৰ পিতৃৰ মৃতদেহ

নিউজ ডেস্ক,২২আগষ্ট : অৱশেষত উদ্ধাৰ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিৰ পিতৃৰ মৃতদেহ। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং বালিখুঁটিত দিৰৈ নদীৰ পাৰত উদ্ধাৰ হয় ৰূপা মিলিৰ পিতৃ মণিৰাম মিলিৰ মৃতদেহ।

উল্লেখ্য যে,১২ আগষ্টৰ পৰা সন্ধানহীন হৈছিল ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি। ১০ আগষ্টত মৰাণৰ মিলিজুলি পথৰ নিবাসী দিজেন লাচনৰ ঘৰলৈ বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি। ১২ আগষ্টৰ পুৱা দিজেন লাচনৰ ঘৰৰ পৰা প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈছিল মণিৰাম মিলি। কিন্তু তেতিয়াৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি(Singer Rupa Millis father dead body found)।

পিতৃ নিখোজ হোৱাৰ পিছতে সামাজিক মাধ্যমযোগ পিতৃৰ সন্ধানৰ বাবে সহায় বিচাৰিছিল ৰূপা মিলিয়ে। সামাজিক মাধ্যমত পোষ্ট দি পিতৃৰ সন্ধানৰ বাবে সহায় বিচাৰিছিল কণ্ঠশিল্পী ৰূপা মিলিয়ে।

কিন্তু বুধবাৰে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং বালিখুঁটিত দিৰৈ নদীৰ পাৰত উদ্ধাৰ হয় ৰূপা মিলিৰ পিতৃৰ মৃতদেহ(Singer Rupa Millis father dead body found)।

লগতে পঢ়ক : Assam Govt Declares Holiday For Madhavdev Tithi On August 24 :মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সলনি