Local, Vocal, Global

Singer Priyanka Bharali: বৰমালা ডিঙিত পিন্ধি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ প্ৰিয়ংকা ভৰালীৰ

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : সামজিক মাধ্যমত বিশেষ চৰ্চাত এখন ফটো ।

সামজিক মাধ্যমত প্ৰিয়ংকা ভৰালীয়ে কৰিছে এখন বিশেষ পোষ্ট ।

এইবাৰ বৰমালা ডিঙিত পিন্ধি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলে প্ৰিয়ংকা ভৰালীয়ে। ডিঙিত ৰজনীগন্ধাৰ মালা পিন্ধি প্ৰিয়ংকাই শ্বেয়াৰ কৰিলে ফটো।

ফটোৰ কেপচনত প্ৰিয়ংকাই লিখিলে – আশীৰ্বাদ কৰিব। লগে লগে অনুৰাগীৰ শুভেচ্ছাৰ বৰষুণ(Singer Priyanka Bharali)।

অৱশ্যে পিছৰ ফালে প্ৰিয়ংকাই লিখিলে আচল কথাটো। আচলতে এয়া এক গীতৰ প্ৰচাৰহে। অতি শীঘ্ৰেই আহি আছে প্ৰিয়ংকাৰ ‘আগলি মৰম’ শীৰ্ষক গীতটো।

প্ৰিয়ংকাই লিখিছে – “আগলি মৰম” অতি শীঘ্ৰেই আপোনালোকৰ ওচৰলে আহি আছে সুন্দৰ নতুন গীতটি…আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ..।