silver jubilee : ৰূপালী জয়ন্তী গৰকা সুঁৱৰি উৎসৱেৰে উদুলি মুদুলি বকো
বকো, ২০ এপ্ৰিল : ৰূপালী জয়ন্তী গৰকা সুঁৱৰি উৎসৱেৰে উদুলি মুদুলি বকো ।বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে জাতিস্কাৰ ৰাজপথ(silver jubilee)।
উখল-মাখল বকোৰ ১ নং আৰু ২ নং দিলিঙা আঞ্চলিক সুঁৱৰি উৎসৱ। এইবেলি সুঁৱৰি উদযাপন সমিতিয়ে গৰকিলে ৰূপালী জয়ন্তী বৰ্ষ। অসমীয়া লোক ক’লা সংস্কৃতিৰ গতি ধাৰা আৰু ধৰ্মীয় ভাৱনা সাৱলীলভাৱে পৰিবেশন কৰা সামাজিক অনুষ্ঠান কামৰূপ জিলাৰ বকোৰ ১নং আৰু ২নং দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ আজি আয়োজন কৰা হয়।
এয়া হ’ল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য। ১নং আৰু ২নং দিলিঙা সুঁৱৰি উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা সুঁৱৰিত দেখা গ’ল এই দৃশ্য। প্ৰতি বছৰে ৬ ব’হাগ অৰ্থাৎ ৭ বিহুৰ দিনা দিলিঙা অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হয়।
বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰত পৰিণত হ’ল দিলিঙাৰ সুঁৱৰি উৎসৱ। সুঁৱৰি উৎসৱ মঞ্চৰ পৰা উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই উদ্ভাসিত কৰে সকলোকে।