Local, Vocal, Global

Silchar NIT student protest : প্রত্যাহাৰ কৰা হ’ল শিলচৰ এন আই টি ৰ ছাত্র আন্দোলন

নিউজ ডেস্ক, ২৩ছেপ্টেম্বৰ : প্রত্যাহাৰ কৰা হ’ল শিলচৰ এন আই টি(NIT)ৰ ছাত্র আন্দোলন। এক দীঘলীয়া বৈধকৰ অন্তত প্রত্যাহাৰ কৰা হ’ল ছাত্র আন্দোলন ।

কৰ্তৃপক্ষৰে হোৱা দীঘলীয়া বৈঠকৰ পিছতেই শিলচৰ এন আই টি(NIT)ৰ ছাত্র আন্দোলন প্রত্যাহাৰ কৰে ছাত্ৰ সমাজে। কৰ্তৃপক্ষই ছাত্ৰসমাজক প্রতিশ্রুতি প্ৰদান কৰে যে কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাৰ অন্তত সোমবাৰে লিখিতভাৱে জাননী দিয়া হ’ব । আৰু এই প্রতিশ্রুতি প্ৰদানৰ বাবেই ছাত্রসকলে প্রত্যাহাৰ আন্দোলন(Silchar NIT student protest)।

উল্লেখ্য যে, ১৫ ছেপ্টেম্বৰৰ পৰাই শিলচৰ এন আই টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এজন ছাত্রৰ আত্মহত্যাৰ ঘটনাক কেন্দ্র কৰি ১৫ছেপ্টেম্বৰ দিনটোত প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শিক্ষা প্রতিষ্ঠানখনৰ ডীন বিনয়কৃষ্ণৰয়ৰ বাসগৃহ ঘেৰাও কৰাৰ সমান্তৰালভাবে ডীনক সপৰিয়ালে বাসগৃহত আৱদ্ধ কৰি বাহনো লণ্ড-ভণ্ড কৰে শ শ ছাত্ৰ-ছাত্ৰীয়ে।

কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ছাত্রজনে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ অভিযোগ তুলিছিল । এই প্ৰতিবাদ পৰৱৰ্তী সময়ছোৱাত ইমানে ভয়ংকৰ হৈ পৰিছিল ছাত্ৰয়ে আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হৈছিল।পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰিবলৈ বাধ্য হোৱাত উক্ত দিনা পৰিস্থিতি সাম কাটিছিল যদিও পৰৱৰ্তী দিনাৰ পৰা পুনৰ আন্দোলনত নামি পৰে ছাত্ৰ সমাজে। প্ৰায় এসপ্তাহৰো অধিক দিন আন্দোলন কৰা ছাত্ৰ সমাজে শুকুৰবাৰে কৰ্তৃপক্ষৰে এক দীঘলীয়া বৈঠকত বহে। আৰু অৱশেষত বৈঠকৰ অন্তত আন্দোলন প্রত্যাহাৰ কৰিছে ছাত্ৰ সমাজে(Arunachal Student Suicide Sparks Protests at NIT Silchar )।

লগতে পঢ়ক :Dilapidated bridge : ২০ লাখ টকাৰ এখন দলং; মাত্ৰ ৩ বছৰতে খহি পৰিল দলঙখন