WATCH | Silchar News : ৬ নং ৰাষ্ট্রীয় ঘাইপথৰ মেঘালয়ৰ কুলিয়াংত ভূমিস্খলন
শিলচৰ,২০মে : মেঘালয়ৰ কুলিয়াংত ভূমিস্খলন আৰু কাদাৰ প্ৰবাহ। ফলত মেঘালয়ৰ কুলিয়াং অঞ্চলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাঙৰ ধৰণৰ ভূমিস্খলন আৰু কাদাৰ প্ৰবাহৰ বাবে যানচলাচল সাময়িকভাৱে বন্ধ ঘোষণা কৰা হৈছে। অবিৰত বৰষুণৰ ফলত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগত পথটোৰ বহু অংশ ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত যানবাহন চলাচলত গভীৰ ব্যাঘাত ঘটিছে।
ইষ্ট জয়ন্তিয়া হিলছ প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰভাৱে কাম আৰম্ভ কৰিছে। মেৰামতিৰ কাম সম্পূৰ্ণ নহোৱাৰ পৰ্যন্ত এই পথত যানচলাচল বন্ধ থাকিব বুলি জানিবলৈ দিয়া হৈছে(Silchar News)।
যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত বিকল্প ব্যৱস্থাৰ ব্যৱহাৰ কৰিবলৈ প্ৰশাসনৰ পক্ষৰ পৰা পৰামৰ্শ দিয়া হৈছে। ইতিমধ্যে অঞ্চলখনত ট্ৰেফিক আৰক্ষী আৰু উদ্ধাৰকাৰী দল সক্ৰিয়ভাৱে কাৰ্যৰত আছে যাতে যিকোনো আপদকালীন পৰিস্থিতি সঁচাকৈয়েই মোকাবিলা কৰিব পৰা যায়।
সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা জনোৱা অনুসৰি, বতৰৰ পৰিস্থিতি উন্নতি হ’লে আৰু পথৰ মেৰামতি সম্পূৰ্ণ হ’লে যান বাহন চলাচল পুনৰ স্বাভাৱিক কৰা হ’ব। ইতিমধ্যে সকলোকে দুৰ্ঘটনা এৰাৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
লগতে পঢ়ক : WATCH | Biswanath News : কাইলৈৰ পৰা ২ মাহৰ বাবে বন্ধ কৰি দিয়া হ’ব কাটিগড়া-বদৰপুৰ দলং