Local, Vocal, Global

WATCH | Silchar News : পুনৰ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত জঘন্য ঘটনা

শিলচৰ, ৫মে’ : শিলচৰ অসম বিশ্ববিদ্যালয়ত পুনৰ সংঘটিত হ’ল এক জঘন্য ঘটনা। বিশ্ববিদ্যালয়ৰ চ’ছিয়েল ওয়াৰ্ক বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ অভিযুক্ত অধ্যাপকৰ গ্ৰেপ্তাৰৰ দাবীত নিশা আৰক্ষী চকীৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ।

অভিযোগ মতে, দীৰ্ঘদিনৰ পৰা বিশ্ববিদ্যালয়ৰ চ’ছিয়েল ওয়াৰ্ক বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাই নিজ বিভাগৰ একাংশ ছাত্ৰীক অশ্লীল ইংগিত সহ অশ্লীল প্ৰস্তাৱ দিয়ি আহিছে। ঘটনালৈ দেওবাৰে ভুক্তভোগী একাংশ ছাত্ৰীয়ে অসম বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি এক গোচৰ ৰুজু কৰে(Silchar News)৷

ইপিনে নিশা বিশ্ববিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰী সকলে অধ্যাপকৰ এই কু-কাণ্ডৰ খৱৰ পোৱাৰ লগে লগে ছাত্ৰছাত্ৰী সকল একত্ৰিত হৈ বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সায়ব্যস্ত কৰি শীঘ্ৰেই অভিযুক্ত শিলচৰ অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ গ্ৰেপ্তাৰৰ দাবী জনায় ৷ নহ’লে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলে।

লগতে পঢ়ক : WATCH | Road Accident : কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুর্ঘটনা