Silapathar Youth goes missing: বিগত ৫দিনে নিৰুদ্দেশ চিলাপথাৰৰ ভাস্কৰ জ্যোতি ৰয়

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী : চিলাপথাৰৰ ২ নং মাজগাঁৱত নিৰুদ্দেশ যুৱক। বিগত ৫দিনে নিৰুদ্দেশ চিলাপথাৰৰ ২ নং মাজগাঁৱৰ ৰমেশ ৰয়ৰ পুত্ৰ ভাস্কৰ জ্যোতি ৰয় (২২) নামৰ কলেজীয়া ছাত্ৰগৰাকী।
জানিব পৰা মতে, চিলাপথাৰ পূৰ্বাঞ্চল কলেজৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ ভাস্কৰে যোৱা ১০ ফ্ৰেব্ৰুৱাৰীত চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাৰ ৰিজাল্ট চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল। পুৱা প্ৰায় ৭ বজাত ঘৰৰ পৰা ওলাই গৈছিল ছাত্ৰজন আৰু আজিলৈকে উভতি নাহিল(Silapathar Youth goes missing)।
ইতিমধ্যে ছাত্ৰজনৰ সন্ধানত পৰিয়ালৰ লোকে বিভিন্ন প্ৰান্তত খা খবৰ কৰিছে যদিও এতিয়ালৈকে কোনো শুং-সুত্ৰ লাভ কৰা নাই। উপায়বিহীন পৰিয়ালৰ লোকে ঘটনাৰ সংক্ৰান্তত চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে কোনো সদাশয় লোকে ছাত্ৰজনৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী থানা অথবা 8638762254 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
লগতে পঢ়ক:Police raid in Morigaon: মৰিগাঁও আৰক্ষীৰ দুই চোৰক লৈ অভিযান