Local, Vocal, Global

Sikkim Flash Floods: ছিকিমত আৱদ্ধ হৈ পৰা অসমৰ শিক্ষাৰ্থীক সুকলমে উভতাই অনা হয়

নেশ্যনেল ডেস্ক, ৮অক্টোবৰ : হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰা ছিকিমৰ ডাৱৰ বিস্ফোৰণে(Sikkim Flash Floods)এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছিল(Flash flood in Sikkim) । বিগত কিছুদিন ধৰি বান আৰু ভূমিস্খলনেৰে প্ৰকৃতিয়ে ধ্বংসলীলা চলাই আহিছিল ছিকিমত । এইবাৰ আকস্মিক বানে ছিকিমত চলাইছিল ধ্বংসলীলা ।

উল্লেখ্য যে ছিকিমত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত অস্বাভাৱিক হাৰত বৃদ্ধি হৈছিল তিষ্টা নদীৰ জলস্তৰ। প্ৰৱল বানে বুৰাই পেলাইছিল ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে ব্যাহত হৈছিল যোগাযোগ ব্যৱস্থা। প্ৰশাসনে বানৰ বাবে জাৰি কৰে হাই এলাৰ্ট(123 Assam students stranded in flood-hit state evacuated safely) ।

এই ভয়ংকৰ বানৰ ফলত ছিকিমত আৱদ্ধ হৈ পৰে অসমৰ বহু ছাত্ৰ ছাত্ৰী । ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত আৱদ্ধ হৈ পৰা অসমৰ ছাত্ৰ-ছাত্ৰীক সুকলমে উভতাই আনে অসম চৰকাৰে । প্ৰায় ১২৩ গৰাকীক ছাত্ৰীক সুকলনে ঘুৰাই আনে অসম চৰকাৰে(123 Assam students stranded in flood-hit state evacuated safely) ।

দেওবাৰে নিশা প্ৰায় ১২ বজাত অসমৰ চৰকাৰৰ ৬খনকৈ বাছেৰে ছিকিমত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে অনা হয় অসমলৈ । ইয়াৰ পিছত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ তৎপৰতাত শিক্ষাৰ্থীসকলক গোসাঁইগাঁৱত নৈশ আহাৰৰ যোগান ধৰে। নৈশ আহাৰ গ্ৰহণ কৰি জিৰণি লোৱাৰ পিছত তেওঁলোকক গুৱাহাটী লৈ অনা হয় শিক্ষাৰ্থীসকলক । সোমবাৰে পুৱাৰ ভাগত গুৱাহাটীস্থিত ৰেডিছন ব্লু হোটেলত উপস্থিত হয় ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আদৰণি জনাই(Assam Students Stranded in Flood-Hit Sikkim Evacuated Safely) ।

ছাত্র-ছাত্ৰীসকলে তেওঁলোকক সুকলমে নিজ ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীক ধন্যবাদ জনায়।

লগতে পঢ়ক :Israel-Palestine War : যুদ্ধবিধ্বস্ত পেলেষ্টাইন আৰু ইজৰাইলত আবদ্ধ হৈ থকা ২৭ জন ভাৰতীয়ই নিৰাপদে ইজিপ্তত প্ৰৱেশ