Sidhu Moosewala mother gives birth to boy at Bathinda hospital : জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৰ প্ৰায় দুবছৰ পাছত তেওঁলোকৰ পৰিয়াললৈ আহিল এটি পুত্ৰ সন্তান

নিউজ ডেস্ক, ১৭ মাৰ্চ : জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৰ প্ৰায় দুবছৰ পাছত তেওঁলোকৰ পৰিয়াললৈ আহিল এটি পুত্ৰ সন্তান । সিদ্ধুৰ পিতৃ বলকৌৰ সিঙে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে নৱজাতকৰ ফটো(Sidhu Moosewala’s Mother, Charan Kaur, Gives Birth to Baby Boy ) ।
বলকৌৰ সিঙে নৱজাতকৰ ফটো দি এটা পোষ্ট লিখে, ‘‘শুভদীপক ভাল পোৱা লাখ-কোটি আত্মাৰ আশীৰ্বাদত ভগৱানে শুভৰ কণমানি ভাতৃক আমাৰ কোলালৈ পঠিয়াইছে। ভগৱানৰ আশীৰ্বাদত সকলো ঠিকেই আছে আৰু মই সকলো শুভাকাংক্ষীৰ মৰমৰ বাবে কৃতজ্ঞ।’’।
উল্লেখযোগ্য যে, ২০২২ চনৰ ২৯ মে’ত পঞ্জাবৰ মানছা জিলাত প্ৰসিদ্ধ গায়ক শুভদীপ সিং সিদ্ধু ওৰফে সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল। তেওঁ নিজৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল। সেইবাবেই পিতৃ-মাতৃয়ে পৰিয়ালৰ উত্তৰাধিকাৰীৰ বাবে আইভিএফ পদ্ধতিৰে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল। সিদ্ধুৰ ভাতৃৰ জন্মৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে মুছেৱালাৰ অনুৰাগীসকল আনন্দিত হৈ পৰিছে(Sidhu Moosewala mother gives birth to boy at Bathinda hospital)।
লগতে পঢ়ক : Tragic Road Accident : ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত এজন,আহত দুজন