Local, Vocal, Global

Side Effects of Green Peas : স্বাস্থ্যৰ ভালে ৰাখিবলৈ এইসকল লোকে মটৰ খোৱাৰ পৰা দূৰত থাকক

দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্ভূক্ত হোৱা এক স্বাস্থ্যকৰ পাচলি হৈছে মটৰ (Pea)। আমি প্ৰত্যকে আমাৰ খাদ্যৰ তালিকাত শাক-পাচলিৰ অন্তৰ ভুক্ত কৰো। বিভিন্ন ভিটামিন, খনিজ উপাদান তথা অন্যান্য পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এই শাক-পাচলিবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰত ৰখাত সহায় কৰে আমাক।

সাধাৰণতে শীতকালত সেউজীয়া মটৰৰ খেতি কৰা হয় যদিও বছৰজুৰি বজাৰত বৰফত ৰখা আৰু শুকান ৰূপত ই উপলব্ধ ৷ আমাক সদায় সতেজ সেউজীয়া মটৰ খাবলৈ পৰামৰ্শ দিয়া হয় ৷ এই সন্দৰ্ভত খাদ্য বিশেষজ্ঞই শীতকালত আমাক নিয়মিতভাৱে সতেজ সেউজীয়া মটৰ খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী( Side Effects of Green Peas)

মটৰত প্ৰ’টিন, এমিনো এচিড, ভিটামিন-ডি তথা আঁহৰ দৰে পুষ্টি থাকে, যি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে। বিশেষকৈ শীতকালত, সেউজীয়া মটৰ যেনে আলু মটৰ, মটৰ চীজ, মটৰ কাঠফুলা, মটৰ পুডিং আদিৰ পৰা বহুতো সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়। কিন্তু অত্যাধিক সেউজীয়া মটৰ খোৱাটোৱেও আপোনাৰ বাবে ক্ষতিকাৰক হব পাৰে।

কোনবোৰ মানুহে মটৰ খাব নালাগে আজি জানো আহক(Side Effects of Green Peas)

বদহজম

যদি আপোনাৰ বদহজম আৰু এচিডিটিৰ সমস্যা আছে তেন্তে মটৰ খোৱাৰ পৰা দুৰত থাকক । সেউজীয়া মটৰত আঁহ থাকে যি হজম হ’বলৈ সময় লয়। যাৰ ফলত আপুনি পাকস্থলীত গেছ ও হ’ব পাৰে।

ওজন বৃদ্ধি

সেউজীয়া মটৰত প্ৰ’টিন, কাৰ্বোহাইড্ৰেট অতি উচ্চ পৰিমাণত পোৱা যায়, ইয়াক অত্যাধিক পৰিমাণে সেৱন কৰিলে আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে। গতিকে যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে ইয়াক সীমিত পৰিমাণত গ্ৰহণ কৰক।

বৃক্কৰ সমস্যা

মটৰত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে।সেয়েহে যদি আপোনাৰ বৃক্ক সম্পৰ্কীয় সমস্যা আছে, মটৰ নাখাব। ইয়াৰ ফলত আপোনাৰ বৃক্কৰ কাৰ্যত সমস্যা হ’ব পাৰে। সেয়েহে, আপুনি সেউজীয়া মটৰ খোৱা পৰিহাৰ কৰা উচিত।

ইউৰিক এচিড

মটৰত এমিন’ এচিড, ভিটামিন-ডি, আঁহ বহু বেছি পৰিমাণত পোৱা যায়।যিয়ে আপোনাৰ শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যদি আপুনি ইউৰিক এচিডৰ সমস্যাত ভুগি আছে, সেউজীয়া মটৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত নকৰিব।