Local, Vocal, Global

৬ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হ’ব সিদ্ধাৰ্থ মানহোত্ৰা আৰু কিয়াৰা আদৱানী !

সিদ্ধাৰ্থ মানহোত্ৰা আৰু কিয়াৰা আদানী বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতী ।কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহৰ খবৰ শিৰোনাম দখল কৰিছে। বলীউদৰ তাৰকা দুয়োগৰাকীয়ে ৬ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হ’ব।দম্পতীহালে ৰাজস্থানৰ জয়ছেলমেৰৰ আগশাৰীৰ হোটেল সূৰ্যগড় পেলেচত বিবাহৰ বাবে বাছনি কৰিছে।বলীডদৰ দম্পতী হালে এই স্থান বাছনি কৰিছে যিটো মুম্বাইৰ পৰা কেইবাশ কিলোমিটাৰ দুৰত যিটো দেশৰ শীৰ্ষ ১০খন হোটেলত অন্তৰ্ভুক্ত কৰা হৈছে।সম্ভৱতঃ যাতে তেওঁলোকে জীৱনৰ অতি সুন্দৰ মুহূৰ্তটো ইয়াত কটাব পাৰে।

সিদ্ধাৰ্থ মানহোত্ৰা আৰু কিয়াৰাআদৱানীৰ বিয়াত উপস্থিত হোৱা অতিথিসকলৰ ভিতৰত আছে কৰণ জোহৰ,অশ্বিনী য়াৰ্ডি আদি বহুতৰে নাম।বিয়াৰ পিছত দম্পতীহালে দুটা ৰিচেপচন পাৰ্টি দিব।প্ৰথম পাৰ্টি দিব দিল্লীত আৰু দ্বিতীয়খন দিব মুম্বাইত ,য’ত উপস্থিত থাকিব তাৰকা দুয়োগৰাকীৰ বন্ধু-বান্ধৱী আৰু ঘনিষ্ঠ লোক ।

খবৰ অনুসৰি বিয়াৰ দিনা মনীষ মালহোত্ৰাৰ ডিজাইনাৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব সিদ্ধাৰ্থ মানহোত্ৰা আৰু কিয়াৰা আদৱানী।
সিদ্ধাৰ্থ মানহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে বিগত কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল।