Siddharth Burahohaon arrest : গ্ৰেপ্তাৰ তদানীন্তন SP সিদ্ধাৰ্থ বুঢ়াগোঁহাই,ধন দাবী কৰা অভিযোগত গ্ৰেপ্তাৰ SP
নিউজ ডেস্ক, ৪ছেপ্টেম্বৰ : অৱশেষত গ্ৰেপ্তাৰ সিদ্ধাৰ্থ বুঢ়াগোঁহাই । CID য়ে গ্ৰেপ্তাৰ কৰে SP সিদ্ধাৰ্থ বুঢ়াগোঁহাইক । দীৰ্ঘসময়ৰ জেৰা কৰাৰ পিছতে গ্ৰেপ্তাৰ SP সিদ্ধাৰ্থ বুঢ়াগোঁহাইক । চুপাৰী মাফিয়াক ধন দাবীৰ অভিযোগ সিদ্ধাৰ্থ বুঢ়াগোঁহাইৰ বিৰুদ্ধে । প্ৰথম পৰ্যায়ত শাস্তিমূলক বদলি কৰিছিল SP জনক । আৰু আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰিছিল সিদ্ধাৰ্থ বুঢ়াগোঁহাইক(Siddharth Burahohaon arrest) ।
উল্লেখ্য যে, ধন দাবী কৰা অভিযোগত গ্ৰেপ্তাৰ বজালীৰ সদ্য বদলিপ্ৰাপ্ত এছ পি সিদ্ধাৰ্থ বুঢ়াগোঁহাই। ৩ দিন চিআইডিয়ে মাৰাথান জেৰা চলোৱাৰ পাছত আজি অৰ্থাত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ বুঢ়াগোঁহাইক। দেওবাৰে SP জনৰ বাসগৃহত CID য়ে চলাইছিল অভিযান।
তাৰপাছতে সোমবাৰে CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল SP সিদ্ধাৰ্থ বুঢ়াগোঁহাইক। চুপাৰি ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগ আছে এছ পি গৰাকীৰ বিৰদ্ধে।
আজি পুৱাৰ ভাগতে এই একেই অভিযোগত বজালীৰ DSP পুষ্কল গগৈক গ্ৰেপ্তাৰ (Pushkal Gogoi arrested)কৰা হৈছিল। দেওবাৰে নিশা CIDয়ে জেৰা কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰে পুষ্কল গগৈক। তিনিদিন একেৰাহে জেৰা কৰাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় পুষ্কল গগৈক। ছুপাৰি মাফিয়াৰ পৰা ২ কোটি দাবীৰ অভিযোগ DSP পুষ্কল গগৈৰ বিৰুদ্ধে।
দেওবাৰে নিশা প্ৰায় ৪ ঘণ্টা ধৰি CIDয়ে অভিযান চলাইছিল সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ ঘৰত। ইফালে, বজালী আৰক্ষীৰ ধনদাবী কাণ্ডক লৈ এইবাৰ মুখ খুলিছে দালাল কিশোৰ কুমাৰ বৰুৱাই। এগৰাকী প্ৰাক্তন DGPক ৰবিউলৰ সম্পত্তিৰ কথা জনাইছিল কিশোৰ কুমাৰ বৰুৱাই। প্ৰাক্তন DGPগৰাকীৰ ইনফৰ্মাৰ আছিল কিশোৰ বৰুৱা। প্ৰাক্তন DGPৰ তথ্যৰ ভিত্তিতে বজালী আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল ৰবিউলক। তাৰ পিছতে ৰবিউলৰ পৰা মুঠ ৫ কোটি টকা ধন দাবী কৰিছিল আৰক্ষীয়ে। CID ৰ সন্মুখত এই বিস্ফোৰক স্বীকাৰোক্তি কিশোৰ বৰুৱাৰ।ইপিনে বজালী কাণ্ডক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰয়োজনত আৰক্ষী অধীক্ষকো গ্ৰেপ্তাৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰক্ষী অধীক্ষককো চলোৱা হৈছে জেৰা। দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰ কৰা হ’ব সকলোকে। সংবাদ মাধ্যমৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, চুপাৰি ব্যৱসায়িক অসম আৰক্ষীয়ে ৫ কোটি টকা ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছিল এতিমধ্যে । চুপাৰী চিণ্ডিকেটত নাম সাঙোৰ খাইছে বজালী আৰক্ষীৰ ৭ জনকৈ আৰক্ষীৰ। তাৰপাছতে চিআইডিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল- ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদত ।
দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক স্বামীসহ গ্রেপ্তাৰ কৰাৰ পিছত আজি আৰক্ষীয়ে পুস্কল গগৈক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে গ্ৰেপ্তাৰ হল SP সিদ্ধাৰ্থ বুঢ়াগোঁহাই ।
এই ঘটনাত সন্দৰ্ভত চিআই ডিয়ে তদন্ত অব্যাহত ৰাখিছে।