Siddhanta Gogoi Crowned Junior Asian Champion : জুনিয়ৰ ভাৰোত্তালন চেম্পিয়নশ্বীপত সোণৰ পদক লাভ সিদ্ধান্ত গগৈৰ
নিউজ ডেস্ক, ৩১ জুলাই : এছিয়ান ভাৰোত্তোলনত উজলি উঠিল অসম সন্তান সিদ্ধান্ত গগৈ ৷ নতুন দিল্লীৰ উপকণ্ঠ গ্ৰেটাৰ নয়দাৰ গৌতম বৌদ্ধ বিশ্ববিদ্যালয়ত চলি থকা এছিয়ান ইউথ আৰু জুনিয়ৰ ভাৰোত্তালন চেম্পিয়নশ্বীপৰ ৬১ কেজি জুনিয়ৰ শাখাত অসমৰ সিদ্ধান্ত গগৈয়ে দেওবাৰে সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে(Siddhanta Gogoi Crowned Junior Asian Champion 🙂 ৷
সিদ্ধান্তই স্নেচত ১১৬ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৯ কেজি উত্তোলন কৰিছিল ৷ যিহেতু ইয়াত সুকীয়াকৈ পদক দিয়া হয়, সেই সূত্ৰে সিদ্ধান্তই স্নেচত ৰূপৰ, ক্লিন এণ্ড জাৰ্কত সোণৰ আৰু সামগ্ৰিকভাৱে ২৬৫ কেজি উত্তোলনেৰেও সোণৰ পদক লাভ কৰে ৷ অৰ্থাৎ প্ৰতিযোগিতাখনত সিদ্ধান্ত গগৈয়ে দুটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰে ৷
উল্লেখ্য, বিগত ১৩ জুলাইত একে ঠাইতে অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনৰ জুনিয়ৰ শাখাৰ ৬১ কেজি শাখাত সিদ্ধান্তই স্নেচত ১১২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কেজি উত্তোলনেৰে সোণৰ পদক লাভ কৰিছিল ৷
১৯ বছৰীয়া সিদ্ধান্তৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত ৷ একেটা মাহতে দুটাকৈ আন্তৰ্জাতিক সফলতা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে অসম সন্তান সিদ্ধান্ত গগৈয়ে ৷ লক্ষণীয়ভাৱে এছিয়ান ভাৰোত্তোলনৰ ৪৯কেজি মহিলা জুনিয়ৰ শাখাত ভাৰতৰ জ্ঞানেশ্বৰী যাদৱে ৰূপৰ পদক লাভ কৰে ৷
উল্লেখ্য চলিত মাহৰ আৰম্ভণিতে কমনৱেলথ চেম্পিয়নশ্বিপত ছিনিয়ৰ শুভাম টডকাৰক মঞ্চস্থ কৰা ১৯ বছৰীয়া সিদ্ধান্তই ২৬৫ কেজি (১১৬ কেজি+১৪৯ কেজি) ওজন তুলি আয়োজক ভাৰতক চলি থকা সংস্কৰণৰ প্ৰথমটো সোণৰ পদক লাভ কৰে।
লগতে পঢ়ক : Monsoon Session 2023: পুনৰ আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন